/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/pro.jpg)
ডিজিটেল ডেস্ক: মহানগৰীৰ পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অসম মেঘালয় সীমান্তৰ এখন গাঁও, বাখালাপাৰা। ডেৰশ বছৰীয়া ইতিহাসে গৰকা শতাধিক পৰিয়ালেৰে সমৃদ্ধ গাঁওবাসী আজি শংকিত।
নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ বাবে হাহাকাৰ কৰিছে। অসমৰ বাসিন্দা হৈয়ো এতিয়া মেঘালয়ত চামিল হ'ব।অসম মেঘালয়ৰ সীমা সমস্যা সমাধান হ'ব।
কিন্তু বাখালাপাৰাবাসীৰ কি হ'ব।অসমত থকাৰ বাবেও ৰজাঘৰীয়াৰ ওচৰত আবেদন।হাড়ে হিমজুৱে অসমীয়া হৈও আজি হাহাকাৰ।
ছাত্র সংগঠন, জনপ্ৰতিনিধি উপস্থিত হোৱাৰ পিছতো সকলো ফুটুকাৰ ফেন।দেশে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা আজিকোপতি সৰ্বদিশতে অৱহেলিত।এতিয়া একেবাৰে মেঘালয়লৈ যাব লগা হ'ল। ৰাইজ মেঘালয়লৈ নাযায় তাৰ বাবে প্ৰতিবাদী সমদল।
সকলোৰে প্ৰশ্ন কি হ'ব আমাৰ ,আমি মেঘালয়ত নাযাওঁ।আমাৰ ভাষা নিমিলে আমাৰ সংস্কৃতি নিমিলে আমাৰ বহু সমস্যা হ'ব।গতিকে অসম চৰকাৰে আমাক অসমতে ৰাখক।এয়া মেঘালয়ৰ সীমান্ত বাসীৰ কাতৰ আহ্বান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us