চীনৰ গুৰুতৰ অভিযোগঃ ভ্ৰমণ কৰিবলৈ গৈ অসমৰ শিক্ষাবিদে চুৰি কৰি আনিছে চীনৰ সামগ্ৰী…

চীনৰ গুৰুতৰ অভিযোগঃ ভ্ৰমণ কৰিবলৈ গৈ অসমৰ শিক্ষাবিদে চুৰি কৰি আনিছে চীনৰ সামগ্ৰী…

ডিজিটেল ডেস্কঃ এখন বিদেশী ৰাষ্ট্ৰৰ সৈতে সাংস্কৃতিক, শৈক্ষিক, বানিজ্যিক আদি দিশত সুসম্পৰ্ক গঢ়াৰ স্বাৰ্থৰে কৰা এক ভ্ৰমণকালত অসমৰ এটা শিক্ষাবিদৰ দলে বিদেশী ৰাষ্ট্ৰখনৰ পৰা সামগ্ৰী চুৰি কৰাৰ অভিযোগ উঠিছে। ইতিমধ্যে বিদেশী ৰাষ্ট্ৰখনে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে ভ্ৰমণকাৰী বিশিষ্ট শিক্ষাবিদৰ দলটোলৈ চমন প্ৰেৰণ কৰি কৈফিয়ৎ বিচৰা বুলিও জানিব পৰা গৈছে।

জানিব পৰা মতে, যোৱা জুন মাহত চীন ভ্ৰমণৰ বাবে গৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত তামুলী, উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোঁহাই, তিনিচুকীয়া কলেজৰ অধ্যক্ষ ৰাণা চাংমাই, তিনিচুকীয়া কমাৰ্চ কলেজৰ চৈতন্য বৰা, লখিমপুৰ কলেজৰ সংগীতা বৰঠাকুৰ তামুলী আৰু মাৰ্ঘেৰিটা কলেজৰ বুধিন গগৈয়ে। ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে শিক্ষাবিদৰ দলটোৱে কৰা এই চীন ভ্ৰমণকালত ৰাষ্ট্ৰখনৰ যি ঠাইত তেওঁলোকক থাকিবলৈ দিয়া হৈছিল, সেই ঠাইৰ পৰা দলটোৰ কোনো এজনে সামগ্ৰী চুৰি কৰাৰ অভিযোগ উঠিছে।

ইফালে এই চুৰি সন্দৰ্ভত চীনে প্ৰেৰণ কৰা চমন সংশ্লিষ্ট কৰ্তৃপক্ষৰ যোগেদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে লাভ কৰিছে যদিও এই চুৰি কাৰ্যৰ কথা কোনেও স্বীকাৰ কৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ যোগেদি প্ৰেৰণ কৰা এই চমন ইতিমধ্যে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু আৰক্ষীয়েও লাভ কৰা বুলি জানিব পৰা গৈছে। চুৰিৰ অভিযোগেৰে চীনে প্ৰেৰণ কৰা চমনক লৈ এতিয়া উজনি অসমৰ শিক্ষা প্ৰতিষ্ঠানখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বন্ধুত্বসুলভ মনোভাৱেৰে চীনৰ সৈতে সম্পৰ্ক স্থাপনৰ প্ৰয়াস অব্যাহত ৰাখিছে, সেই সময়ত শিক্ষা বৃত্তিৰে জড়িত এনে একাংশই বিদেশী ৰাষ্ট্ৰখনৰ ভ্ৰমণকালত সংঘটিত কৰা চুৰি কাণ্ডৰ অভিযোগে ৰাষ্ট্ৰ দুখনৰ মাজৰ সম্পৰ্কত আউল লগাব পাৰে বুলিও এতিয়া একাংশই আশংকা ব্যক্ত কৰিছে। অৱশ্যে অসমৰ এই শিক্ষাবিদৰ দলটোৱে চীনৰ পৰা কি বস্তু চুৰি কৰা বুলি বিদেশী ৰাষ্ট্ৰখনে অভিযোগ তুলিছে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in