চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
অসম মুখ্য-পৃষ্ঠা

দেৱলালৰ বাবে অনিয়মেই নিয়মঃ হাফলঙত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা ৩ কোটিৰ অনাথ গৃহ ভাঙি বিলাসী হোটেল নিৰ্মাণ…

দেৱলালৰ বাবে অনিয়মেই নিয়মঃ হাফলঙত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা ৩ কোটিৰ অনাথ গৃহ ভাঙি বিলাসী হোটেল নিৰ্মাণ…

author-image
asomiyapratidin
07 Apr 2022 19:12 IST

Follow Us

New Update
দেৱলালৰ বাবে অনিয়মেই নিয়মঃ হাফলঙত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা ৩ কোটিৰ অনাথ গৃহ ভাঙি বিলাসী হোটেল নিৰ্মাণ…

ডিজিটেল সংবাদ গুৱাহাটীঃ দিল্লী অথবা দিছপুৰৰ চৰকাৰ কাকো যেন নামানে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ কৰ্ণধাৰ আৰু এওঁলোকৰ দ্বাৰা পালিত বনিয়াগোষ্ঠীয়ে। বৰ্তমানৰ ডিমা হাছাও জিলাখনৰ বাস্তৱসন্মত উন্নয়ন ত্বৰান্বিত কৰা আৰু দুৰ্নীতি তথা সন্ত্ৰাস নোহোৱা কৰি স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ বাবে ইয়াত দিছপুৰৰ চৰকাৰে কেবিনেট বৈঠকো পাতিছিল।

Advertisment

কিন্তু আনহে নালাগে আশ্ৰয়হীন শিশু, কিশোৰৰ লালন-পালনৰ বাবে নিৰ্মিত ৩ কোটি টকীয়া এটা ভৱন স্বয়ং মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰাৰ পিছত এটা শিশুকো ইয়াত সোমাবলৈ নিদিয়াকৈ সম্প্ৰতি এই ভৱন আৰু ভূমি এক বনিয়াগোষ্ঠিক গতাই দিছে স্বায়ত্ব পৰিষদৰ মূৰব্বীয়ে। কেৱল ব্যক্তিগত মুনাফা লাভৰ স্বাৰ্থতে জনস্বাৰ্থ আৰু মুখ্যমন্ত্ৰীৰ মৰ্যাদাক দলিয়াই দি ২৬ জুলাইত উন্মোচন কৰা ভৱনটো ১ বছৰ নহওতেই বিলাসী হোটেলৰ ৰূপ দিবলৈ ইয়াত হাতুৰীৰ কোব পৰিছে।

এই কাৰ্য সংঘটিত হৈছে বন্দুকৰ গুলীৰেই সকলো আহৰণ কৰিবলৈ সক্ষম হোৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী দেবলাল গাৰ্লোছাৰ নেতৃত্বত। কিয়নো ডিমা হাছাওত দিল্লী, দিছপুৰ কাৰো চৰকাৰ নচলে। এক কথাত তেওঁৰে ঘনিষ্ঠতা থাকিলেও ক্ষমতাৰে অস্তিত্বহীন স্বয়ং মুখ্যমন্ত্ৰীও। সেয়ে সমাজকল্যাণ বিভাগ কোন কুটা?- এনে এক পৰিস্থিতিয়েই অব্যাহত আছে ডিমা হাছাওত।

শহতীয়া কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল হাফলঙত। ইয়াৰ দুদিন পিছৰে পৰা এদিনো অনাথ শিশুৰ বাবে ব্যৱহাৰ হ'বলৈ নোপোৱাকৈয়ে সমাজ কল্যাণৰ দ্বাৰা নিৰ্মিত প্ৰায় ৩ কোটি টকীয়া এই ভৱনক ব্যক্তিগত বিলাসী হোটেলৰ ৰূপ দিবলৈ বিভিন্ন অংশ ভাঙি পেলোৱাৰ কাম আৰম্ভ হ'ল। যি সময়ত কেবিনেট বৈঠকৰ প্ৰস্তুতি চলি আছিল সেই একে সময়তে উক্ত ভৱন আৰু ইয়াৰ মাটি মুখ্য কাৰ্যবাহীগৰাকীৰ ঘনিষ্ঠ এক ব্যৱসায়ীক আনুষ্ঠানিকভাৱে গতাই দিয়াৰ প্ৰক্ৰিয়াও চলি আছিল।

বড়ো হাফলঙত গড়কাপ্তানী বিভাগে ২.৯৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ভৱনটো সমাজকল্যাণ বিভাগক গটাই দিয়াৰ পিছত বিগত বৰ্ষৰ ২৬ জুলাইত গতাই দিয়াৰ পিছত এই ভৱন উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ অনাথ তথা নিৰাশ্ৰয় শিশু-কিশোৰৰ নিৰাপদ ভৱিষ্যতৰ বাবে চৰকাৰ তথা স্বায়ত্ব পৰিষদৰ এয়া এক অতুলনীয় পদক্ষেপ বুলি অভিহিত কৰিছিল।

সেই সভাত, মুখ্যমন্ত্ৰীৰ লগতে, মন্ত্ৰী পীযুষ হাজৰিকা, উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যদ্বয় দেৱলাল গৰ্লোচা আৰু তুলিৰাম ৰংহাঙৰ লগতে হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোছাও উপস্থিত আছিল এই উদ্বোধনী কাৰ্যসূচীত। আৰু মুখ্যমন্ত্ৰীৰ ভাষণৰ প্ৰতিটো বাক্যৰ অন্তত হৰ্ষোল্লাসেৰে হাতচাপৰি বজাই জিলাখনৰ উন্নয়নৰ বাবে অধিক গুৰুত্ব প্ৰদানৰ উদ্দেশ্যে উৎসাহ যোগাইছিল।

সম্প্ৰতি হাফলং তোলপাৰ কৰি থকা এই ঘটনাই এতিয়া ৰাজ্যৰ সচেতন মহলৰো দৃষ্টি আকৰ্ষণ কৰিছে।বিভিন্নজনে মুখ্যমন্ত্ৰীৰ ওচৰতো এই সন্দৰ্ভত আপত্তি দৰ্শাইছে। সকলোৰে অভিযোগ হ'ল, গুৱাহাটীৰ অভিজাত হোটেল এখনৰ মালিক ডিমা হাছাও স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ বন্ধু। সেই বন্ধুক ডিমা হাছাওত ব্যৱসায়িক সাম্ৰাজ্য প্ৰতিষ্ঠাৰ সুযোগ দিব লাগে। সেই বাবেই ৩ কোটি টকীয়া অনাথ গৃহটো এদিনো ব্যৱহাৰ নকৰা অৱস্থাতে ইয়াক অভিজাত হোটেলৰ ৰূপ দিবলৈ এই ব্যৱসায়ী গৰাকীক এইটো গতাই দিয়া হৈছে।

আশ্চৰ্যজনক কথাটো হ'ল পৰ্যটনৰ প্ৰসাৰৰ নামত ৩ কোটি টকীয়া নৱ নিৰ্মিত অনাথ গৃহ এটা ভাঙি বিলাসী হোটেল ৰূপে এইটো গঢ়ি তোলাৰ কাৰণে যোৱা তিনি মাহে ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছে যদিও জিলাখনৰ প্ৰশাসন তথা সমাজকল্যাণ বিভাগে এই সন্দৰ্ভত একো নাজানে। বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ মতে তেওঁলোকে এইটো কোনো ব্যৱসায়িক সংস্থাক পৰিষদে গতাই দিয়া বুলি শুনিছে যদিও এই বিষয়ত সবিশেষ একো নাজানে।

ইফালে এই সন্দৰ্ভত স্বায়ত্ব পৰিষদৰ হাফলং সমষ্টিৰ নিৰ্বাচিত পাৰিষদ ডেনিয়েল লাংথাছাই ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ লগতে পৰিষদৰ পৰা ইয়াৰ কৈফয়ৎ লিখিত ভাৱে বিচৰাৰ উপৰি গুৰুতৰ এই অনিয়ম তথা দুৰ্নীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। পাৰ্বত্য জিলাখনত সংঘটিত হৈ থকা বিয়াগোম দুৰ্নীতি, অনিয়মৰ এইটো মাথো এক সৰু উদাহৰণহে। পূৰ্বতে বহু কেলেংকাৰীৰ স্বাক্ষৰ বহন কৰি অহা পৰিষদখনত যেন পৰিবৰ্তনৰ কোনো চিন-চাবেই নাই। ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে পৰিষদখনৰ দুৰ্নীতৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও অনাথ শিশুৰ বাবে নিৰ্মিত ভৱনক হোটেল ব্য়ৱসায়ীক গতাই দিয়াৰ ঘটনাৰ ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা পদক্ষেপেই স্পষ্ট কৰি দিব।

আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!