/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/NOGAON-30.jpg)
ডিজিটেল সংবাদ নগাঁও: নগাঁও আৰক্ষীয়ে বিভিন্ন স্থানত চলোৱা অভিযানত মটৰ চাইকেল, চাইকেলকে ধৰি বহু চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ লগতে গ্ৰেপ্তাৰ কৰিছে এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক ৷
নগাঁও আৰক্ষীয়ে চামগুৰি সাপ্তাহিক বজাৰৰ পৰা চুৰি হোৱা এখন বাজাজ পালচাৰ আৰু নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ পৰা হিৰ'স্পেলনড'ৰ মটৰ চাইকেল উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ইয়াৰ পিছতে জনাইছে যে মটৰচাইকেলৰ গৰাকীয়ে প্ৰামানিক তথ্য দাখিল কৰি আৰক্ষীৰ পৰা মটৰ চাইকেল দুখন চমজি ল'ব পাৰিব ৷
আনহাতে নগাঁও চহৰৰ আমোলাপট্টিৰ পৰা এজন চাইকেল চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ চাইকেল চোৰটোৰ নাম হৈছে ৰাজু বৰা ৷ ৰাজু বৰাৰ জিম্মাৰ পৰা আৰক্ষীয়ে নখন চাইকেল উদ্ধাৰ কৰিছে ৷ চহৰৰ বিভিন্ন স্থানৰ পৰা চোৰটোয়ে চাইকেল কেইখন চোৰ কৰি মজুত কৰি ৰাখিছিল ৷
ইয়াৰ উপৰিও শেনচোৱাৰ এক হাবিৰ পৰা বুজন সংখ্যক চুৰ হোৱা সামগ্ৰী উদ্ধাৰ কৰিছে ৷ চোৰে মৰিকলঙৰ ভোটাইআটিৰ পৰা আৰক্ষীয়ে আমিৰ হুছেইন নামৰ এটা চোৰক গ্ৰেপ্তাৰ কৰিছে ৷ আমিৰৰ পৰা পানীৰ পাম্প উদ্ধাৰ কৰিছে ৷ চোৰটোৰ ঘৰ জুৰীয়াত ৷
ইফালে দোকান চুৰিৰে জৰিত আশ্বাদুল হকক হয়বৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ চিলঙনীৰ এখন কাপোৰৰ দোকান চুৰিৰে জড়িত থকাৰ অভিযোগ আশ্বাদুলৰ বিৰুদ্ধে ৷ দোকান চোৰটোৰ জিম্মাৰ পৰা চুৰি কৰা কাপোৰৰ লগতে অনান্য সামগ্ৰী উদ্ধাৰ কৰিছে ৷ কাঁহ-পিতলৰ বুজন সংখ্যক ঘৰুৱা সামগ্ৰীৰ লগতে ৰাধা কৃষ্ণৰ মূৰ্তি, মন্দিৰৰ টিলিঙা উদ্ধাৰ কৰে ৷ চোৰে ঘৰুৱা সামগ্ৰী সমূহ চোৰ কৰি শেনচোৱাৰ হাবিতলিত লুকুৱাই থৈছিল ৷
চহৰখনৰ কাষৰীয়া অঞ্চল চিলঙনিৰ পৰা এগৰাকী মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা মহিলাগৰাকীৰ নাম হৈছে হাজেৰা খাতুন ৷ মধ্য চিলঙনিৰ হাজেৰা খাতুনৰ জিম্মাৰ পৰা আৰক্ষীয়ে ১৫ টা হিৰ'ইন ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰিছে ৷ চিলঙনীত হাজেৰাক স্হানীয় লোকে ড্ৰাগছ বিক্ৰি কৰিবলৈ আহোতে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৷
ক্লিক কৰি পঢ়কঃ বন্ধন বেংকৰ ঋণ লৈ ড্ৰাগছৰ ব্যৱসায়ত নামিল মহিলা…