সাত বিহুৰ পৰম্পৰা ১০১ এবিধ শাক: পৰম্পৰাৰ আঁৰতো আছে বহু কাৰণ…

সাত বিহুৰ পৰম্পৰা ১০১ এবিধ শাক: পৰম্পৰাৰ আঁৰতো আছে বহু কাৰণ…

author-image
asomiyapratidin
New Update
সাত বিহুৰ পৰম্পৰা ১০১ এবিধ শাক: পৰম্পৰাৰ আঁৰতো আছে বহু কাৰণ…

ডিজিটেল সংবাদ মঙলদৈঃ অসমৰ গ্ৰাম্য অঞ্চলত ৭ বহাগৰ ভিতৰত সাতশাকী খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। সাতশাকী হৈছে ব'হাগ বিহুৰ সাত বিহুৰ ভিতৰত শাক খোৱাৰ এটা প্ৰথা। অসমৰ ঠাইভেদে ব'হাগৰ সাতবিহুৰ দিনা শতাধিক শাক খোৱা আৰু তেনেকৈ কোনো কোনো ঠাইত আকৌ ১০১ এবিধ বা ১০৮ বিধ শাক খোৱাৰ প্ৰথা। এই প্ৰথা পৰম্পৰাৰ ৰূপত প্ৰতি বছৰে ব'হাগ বিহুৰ সময়ত পালনত জোৰ দি অহাটো পৰিলক্ষিত হয়।

Advertisment

আমাৰ সমাজত এই সাতশাকী খোৱা প্ৰথা অতীজৰে পৰা পালন কৰি অহা হৈছে। ঢেঁকীয়া, মাটিকাদুৰী, ভাত মেটেকা, বৰপূৰৈ, মৰান আদা, কণা শিমলু, চাঙেৰি টেঙা, মধুসোলেং , হেলচি শাক, মৰিচা, কলমৌ, মেচাকি, নলচুপহি, কচলু, বাবৰি লফা, পালেং, লাই, মেমেধু, ঢলা পালেং, খুতুৰা, দূবৰি, বৰ মানিমুনি, সৰুমানিমুনি, তেঁতেলী, ভেদাই লতা, থেৰেজু, বৰহমথুৰি, কেহৰাজ ,বৰথেকেৰা, মহানিম, নহৰু, বনজালুক, বেতগাজ, হাতীভেকুৰি, কঠনা, ওলকচু, তিতাফুল, লাইজাবৰি, পুৰৈ, মচন্দৰি, দোৰোণ,ভেদাইলতা, তিতামৰা,টেঙেচি আদি বাৰি আৰু বাকৰিত বিচাৰি গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে এই সাতশাকী যোগাৰ কৰি বছৰ টোৰ বাবে পৰিয়ালৰ ৰোগ নিৰাময়ৰ বাবে খাই।

এইটো অনুমেয় যে শাক খোৱাৰ অভ্যাস গঢ়াৰ বাবেই অতীজত এই প্ৰথাৰ প্ৰৱৰ্তন কৰা হৈছিল। বছৰৰ আন সময়ত ইয়াৰ অৱতাৰণা নকৰি বছৰৰ একোটা নিৰ্দিষ্ট সময়ত পালনৰ নিয়ম কৰিলে মানুহে মনত ৰখাৰ লগতে পালনৰো সুবিধা হ'ব বুলি ভাবিয়েই হয়তো ইয়াৰ সূচনা কৰা হৈছিল। তাকো সকলোৱে গুৰুত্ব দিব বুলি আশা কৰিয়েই হয়তো অসমীয়া বছৰৰ প্ৰথমটো মাহতে পালনৰ দিহা কৰা হৈছিল।

ইফালে, বছৰৰ এইখিনি সময়ত ঘৰৰ বাৰী বা দাঁতি-কাষৰীয়া পৰিৱৱেশত থকা গছ-লতিকাত নতুন পাতৰ সমাহাৰ ঘটি আহৰণৰ সুযোগ মিলাত তাৰে ১০০ গোটাই খোৱাটো সহজসাধ্য হোৱাটোও এই সময়ত খোৱাৰ আন এক সুবিধা হ'ব পাৰে। ধাৰণা হয়, প্ৰথাটো প্ৰকৃততে প্ৰতীকী অৰ্থতহে পালন কৰা হয়।

সাতশাকীত যে অকল শাক হে থাকে তেনে নহয়, সাতশাকীত আমৰ মল, কঠালৰ মুচি, বেঙেনা, কেৰেলা, জাতি লাও আদিও থাকে। গৰুৰ বিহুৰ দিনা লাউ, বেঙেনা, আমৰ মল, কঠালৰ মুচি আদিৰে গৰু-গাইক গা ধুওৱা হয়। বিহুৰ মাজৰ দিনকেইটাত এই পাছলি কেই বিধ নোখোৱা কৈ থকাৰ নিয়ম, সাতশাকীত এই পাচলিৰ অশৈচ যোৱা বুলি এক প্ৰবাদ আছে। সেয়ে সাতশাকীত এই পাচলি খোৱাৰ পৰম্পৰা। সাতশাকী খোৱাৰ যে অকল পৰম্পৰা বা প্ৰথা তেনে নহয়, সাতশাকী দেহৰ বাবেও উপকাৰী মহৌষধ, কিয়নো এই শাক পাচলিত বহু বেমাৰৰ প্ৰতিৰোধী গুণো আছে।

ক্লিক কৰি পঢ়কঃ পুনৰ গুলীবিদ্ধ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা ড্ৰাগছ সৰবৰাহকাৰী…