/asomiyapratidin/media/media_files/2025/04/10/cjrS2D3xSwuL9Upt1yOp.jpg)
ডিজিটেল ডেস্কঃ কোভিড-১৯ ৰ পাছত বিগত ৫ বছৰত অসমে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ গড় হাৰ ৭ শতাংশ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছাৰ্চৰ এক সমীক্ষাৰ তথ্য এক্সৰ জৰিয়তে শ্বেয়াৰ কৰি এই তথ্য প্ৰকাশ কৰিছে।
এই সন্দৰ্ভত প্ৰেৰিত এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ যে, অসমৰ বিকাশৰ কাহিনীয়ে স্বীকৃতি লাভৰ আন এক বতৰাৰে আজি সমৃদ্ধ হৈছে। এইবেলি ফিটচ গ্ৰুপৰ 'ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছাৰ্চ'ৰ সমীক্ষাত উজলিছে অসম।
কোভিড-১৯ৰ পাছত বিগত ৫ বছৰত অসমে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অর্থাৎ জি এছ ডি পি(স্থিৰ মূল্য)ৰ বৃদ্ধিৰ গড় হাৰ ৭ শতাংশ কৰিবলৈ সক্ষম হৈছে। এই বৃদ্ধিৰ হাৰে অসমক অর্থনৈতিক পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ তিনি ৰাজ্যৰ ভিতৰত স্থান দখলতো সহায় কৰিছে।
একেৰাহে ৫ বছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সুস্থিৰ উচ্চ বিকাশৰ গতিৰে ধাৱমান হোৱা দেশৰ গোটা-চেৰেক ৰাজ্যৰ ভিতৰত অসমে সফলতাৰে নিজক প্ৰতিপন্ন কৰিছে। এই ৫ বছৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন প্রায় দুগুণলৈ বৃদ্ধি হৈছে।
ইয়াৰ অন্তৰালত নিহিত হৈ আছে ৰাজ্যত কিছু বৃহৎ ঘৰুৱা বিনিয়োগৰ লগতে ২০০ কোটি টকাৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আকৰ্ষিত কৰাৰ দৰে বিশেষ সাফল্য। আজিৰ প্ৰেক্ষাপটত অসমে ৰাষ্ট্ৰীয় প্ৰগতিৰ দিশত এক অৱদানকাৰী ৰাজ্য হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সম্ভৱপৰ সকলো পদক্ষেপ গ্রহণ কৰি আছে।
এই বিকাশৰ ধাৰা এনেধৰণে আৰু ৫ বছৰলৈ অব্যাহত ৰাখিলেই ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে ১০ লাখ কোটি অতিক্ৰম কৰি এক নতুন শিখৰত আৰোহণ কৰিব। লগতে অসমক ভাৰতৰ শ্ৰেষ্ঠ ৫ ৰাজ্যৰ অন্যতম হিচাপে আত্মপ্রকাশ কৰাতো বিশেষ ভূমিকা গ্রহণ কৰিব।
Another thumbs up 👍 for Assam, this time from @FitchRatings @IndiaRatings
— Himanta Biswa Sarma (@himantabiswa) April 10, 2025
In the last 5 years since Covid19, Assam has recorded an average GSDP growth of 7% - making us among the TOP 3 states driving India’s economic recovery.
The 2 KEY takeaways here are
1️⃣ Assam is among… pic.twitter.com/6BkSNHfHuT