অতুলানন্দ গোস্বামীৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক…

অতুলানন্দ গোস্বামীৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক…

author-image
asomiyapratidin
New Update
‘নামঘৰীয়া’ৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ দেহাৱসান…

ডিজিটেল ডেস্কঃ প্ৰথিতযশা সাহিত্যিক, অসম প্ৰকাশন পৰিষদৰ 'জীৱনজোৰা সাধনা বঁটা প্ৰাপক' অতুলানন্দ গোস্বামীৰ পৰলোকপ্ৰাপ্তিত অসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে৷ ২৭ জুলাই ২০২২, বুধবাৰে পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ পৌৰোহিত্যত সকলো বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত আয়োজিত এখন শোক সভাত গোস্বামীৰ মৃত্যুত অসমে এগৰাকী যশস্বী সাহিত্যিকক হেৰুৱালে বুলি অভিহিত কৰে৷

Advertisment

সভাত মৃতকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে৷ সভাই শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷