'প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২' : শ্রেষ্ঠ গ্ৰন্থৰ লেখকলৈ ৫ লাখ, প্ৰকাশকলৈ ৩ লাখ টকাৰ পুৰস্কাৰ...

অসমৰ এখন নির্বাচিত গ্রন্থৰ লেখক আৰু একেখন গ্রন্থৰ প্রকাশকক "অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা- ২০২২ প্রদানৰ ব্যৱস্থা কৰা হৈছে
assam publication board
assam publication board

ডিজিটেল ডেস্ক, গুৱাহাটী : অসম প্ৰকাশন পৰিষদৰ উদ্যোগত যোৱা বছৰৰ দৰেই এইবছৰো অসমৰ এখন নির্বাচিত গ্রন্থৰ লেখক আৰু একেখন গ্রন্থৰ প্রকাশকক "অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা- ২০২২ প্রদানৰ ব্যৱস্থা কৰা হৈছে।

২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা ২০২১ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্রকাশিত উপন্যাস, গল্প আৰু কাব্যগ্রন্থৰ মাজৰ পৰা নিৰ্বাচিত হোৱা গ্ৰন্থখনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে প্রকাশন পৰিষদ সাহিত্য বঁটা - ২০২২ৰে পুৰস্কৃত কৰা হ'ব।

সোমবাৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিত জানিবলৈ দিয়া মতে এই বঁটাত গ্রন্থৰ লেখকে এখন মানপত্ৰ আৰু নগদ ৫ লাখ টকা, একেখন গ্রন্থৰ প্রকাশকে এখন মানপত্ৰ আৰু ৩ লাখ টকা লাভ কৰিব।

নির্ধাৰিত সময়সীমাৰ ভিতৰত প্রকাশিত উপন্যাস, গল্প আৰু কাব্যগ্রন্থৰ লেখক অথবা প্রকাশকৰ যিকোনো এগৰাকীয়ে এখন প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব। প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ পাঁচটা কপি অহা ২০ নৱেম্বৰৰ ভিতৰত প্রেৰণ কৰিবলৈ পৰিষদে আহ্বান জনাইছে।

প্র-পত্র অনলাইনযোগে (ই-মেইল) প্রেৰণ কৰাৰ উপৰিও ডাকযোগেও প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ পাঁচটা কপি প্ৰেৰণ কৰিব পাৰিব। প্ৰ-পত্ৰ প্ৰেৰণৰ ঠিকনা - সচিব, অসম প্ৰকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী ২১। আনহাতে ই-মেইলযোগেও প্ৰ-পত্ৰ প্ৰেৰণ কৰিব পাৰিব। ই-মেইল - assampublicationboard@gmail.com।

উল্লেখ্য যে এই বঁটাৰ বাবে প্ৰয়োজনীয় প্ৰ-পত্র পৰিষদৰ www.publicationboardassam.com এই ৱেবচাইটৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in