/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/ASHOK-BARMAN.jpg)
ডিজিটেল ডেস্কঃ যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনলৈ প্ৰধান মন্ত্ৰীৰ বিশেষ সন্মান। চৰকাৰী আচঁনি সফল ৰূপায়ণৰ বাবে অশোক কুমাৰ বৰ্মনক ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা আগবঢ়োৱা হৈছে। এই বঁটাৰ লগত আছে এক স্মাৰক, এখন তাম্ৰপত্ৰ আৰু ১০ লাখ টকাৰ উদগনিমূলক ধনৰাশি।
ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া অশোক কুমাৰ বৰ্মনে দৰং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত জিলাখনত সৌভাগ্য আঁচনি সফল ৰূপায়ণ কৰিবলৈ সক্ষম হৈছিলয যাৰবাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে। অসম সহিতে উত্তৰ পূৰ্বাঞ্চলৰ ৮ ৰাজ্যৰ ভিতৰত দৰং জিলাত সৌভাগ্য আঁচনিৰ সফল ৰূপায়ণ হৈছে।
আগন্তুক ২০ আৰু ২১ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া অসমাৰিক সেৱা দিৱসৰ অনুষ্ঠানত অশোক কুমাৰ বৰ্মনলৈ এই বঁটা আগবঢ়োৱা হ'ব। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অশোক কুমাৰ বৰ্মনৰ লগতে দৰং জিলাৰ বৰ্তমানৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাকো নিমন্ত্ৰণ জনোৱা হৈছে।
ক্লিক কৰি পঢ়কঃ কলিয়াবৰৰ আয়ুস পাব্লিক স্কুলত ৰঙালী বিহু উদযাপন…