বিধানসভা নিৰ্বাচনঃ সাজু অসম আৰক্ষী…

বিধানসভা নিৰ্বাচনঃ সাজু অসম আৰক্ষী…

author-image
asomiyapratidin
New Update
বিধানসভা নিৰ্বাচনঃ সাজু অসম আৰক্ষী…

ডিজিটেল ডেস্কঃ অসম আৰক্ষীয়ে সকলো দিশৰ পৰা নিজকে সাজু ৰাখিছে হ'বলগীয়া নিৰ্বাচনৰ বাবে। উদাহৰণৰূপে @assampolice য়ে NICৰ সহযোগত এনে এক প্ৰযুক্তি তৈয়াৰ কৰিছে, যাৰ সহায়ত মতদান কেন্দ্ৰবোৰত আৰক্ষী বাহিনী মোতায়েন কৰা হ'ব।

Advertisment

কোনো লোকে এই কাৰ্যত হস্তক্ষেপ কৰিব নোৱাৰিব। ফলস্বৰূপে এই মোতায়েন নিকা হ'ব আৰু নিৰপেক্ষ হ'ব। শুনাত সহজ যেন লাগিলেও এই প্ৰযুক্তি বিদ্যা সহজ মুঠেই নহয়। তাতকৈও ডাঙৰ কথা যে ইয়াত ভুল হোৱাৰ কোনো অৱকাশ থাকিব নোৱাৰে।

অসম আৰক্ষী আৰু NIC য়ে যৌথভাৱে এই কামৰ সৈতে দিনে-নিশাই জড়িত হৈ আছে। ফলস্বৰূপে নিৰ্বাচন আয়োগৰ পৰ্যবেক্ষকৰ উপস্থিতিত আমি প্ৰযুক্তিৰ সহায়ত আৰক্ষীকৰ্মী মোতায়েন ক্ৰুটি বিহীনভাৱে সম্পন্ন কৰো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে।বৰ্তমান দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আৰক্ষী কৰ্মী মোতায়েনৰ প্ৰস্তুতি চলি আছে বুলিও জানিব পৰা গৈছে।