/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/mankachar.jpg)
ডিজিটেল সংবাদ মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ ভাৰত বাংলাদেশ সীমান্তবৰ্তী চৰ কুকুৰমাৰা গাঁৱত শনিবাৰে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপালী বৰুৱাৰ নেতৃত্বত চোৰাং গৰু সৰবৰাহ বন্ধ কৰাৰ বাবে এক সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে জিলা খনৰ বিশেষকৈ ভাৰত বাংলা সীমান্তত অৱস্থিত চৰ কুকুৰমাৰা গাঁৱৰ মাজেৰে দীৰ্ঘ দিন ধৰি এটা চক্ৰই সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আহিছে।
সময়ে সময়ে সীমান্তত গৰু সৰবহকাৰী বি এছ এফৰ সৈতে মুখা মুখী হোৱাত সংঘৰ্ষৰ সৃষ্টি হৈ বি এছ এফে বাধ্য হৈ গুলী কৰিবলগীয়া হোৱাত গৰু সৰবৰাহকাৰী প্ৰাণ হেৰুওৱালগীয়া হয়। শেহতীয়াকৈ যোৱা ১৩ ফেব্ৰুৱাৰী তাৰিখে চৰ কুকুৰমাৰাৰ কাষতে বি এছ এফৰ গুলীত এটা বাংলাদেশী গৰু সৰবৰাহকাৰী নিহত হৈছিল। সীমান্তত গৰু সৰবৰাহ কৰাৰ ক্ষেত্ৰত চৰ কুকুৰমাৰা গাঁৱৰ একাংশ লোক জড়িত হৈ পৰিছে।
কম পৰিশ্ৰমত সহজতে অধিক ধন উপাৰ্জন কৰিবলৈ একাংশ লোক এনে কামত জড়িত হৈ পৰাত সীমান্তৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। চৰ কুকুৰমাৰা গাঁৱত বসবাস কৰা লোক সকলে শিক্ষাৰ প্ৰতি গুৰুত্ব দি দেশৰ নিৰাপত্তাৰ খাতিৰত চোৰাং গৰুৰ ব্যৱসায় বন্ধ কৰিবলৈ গাঁৱবাসী ৰাইজক জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তই এই সজাগতা সভাৰ জৰিয়তে আহ্বান জনায়। এই সজাগতা সভাত জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, জিলা আৰক্ষী অধীক্ষক সুবোদ কুমাৰ সোনোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দুলাল দেৱনাথ, মানকাচৰ চক্ৰ বিষয়া জ্ঞান জ্যোতি দত্ত উপস্থিত থাকে।
আনহাতে সীমান্তত বসবাস কৰা কৃষক সকলে সীমান্তবৰ্তী এলেকাত বি এছ এফৰ কেতবোৰ নিৰ্দেশনৰ বাবে মৰাপাট, সৰিয়হ খেতি কৰিব নোৱাৰাত কৃষক সকলে বছৰ বছৰ ধৰি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে সীমান্তৰ কাটাতাৰৰ বেৰৰ সিপাৰে থকা নিজা ভূমিত কৃষক সকলে খেতি কৰিবলৈ বি এছ এফৰ বাধাৰ সম্মুখীন হৈ আহিছে। এই সমস্যা সমূহ জিলা প্ৰশাসনে সমাধান কৰি দিবলৈ গাঁৱখনৰ কৃষক ৰাইজে আহ্বান জনায়। ফলত উপায়ুক্ত গৰাকীয়ে সীমান্তৰ সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি চোৰাং কাৰবাৰ বন্ধৰ বাবে আহ্বান জনায়।