Published on:
Updated on:
- শনিবাৰৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে ক্ৰমাৎ তৎপৰ হৈছে অসম আৰক্ষী।
- আইন-শৃংখলাজনিত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে ৰণকৌশল প্ৰস্তুত অসম আৰক্ষীৰ।
- শনিবাৰে শুক্ৰেশ্বৰ ঘাটত সংঘটিত বিস্ফোৰণত ব্যৱহাৰ কৰা বিস্ফোৰক সন্দৰ্ভতো নিশ্চিত হ'ব পৰা নাই আৰক্ষী।
- ঘটনাৰ তদন্ত চলাই আছে আৰক্ষীয়ে।
- সংবাদ মাধ্যমত এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ।
- ইফালে, বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ডৰ তদন্তৰ কথাও ক'লে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।
- জুনু শৰ্মাৰ হত্যাৰে জড়িতৰ অভিযোগত ৩জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
- অৱশ্যে হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও ঋণ কেলেংকাৰীৰ বাবেই এই হত্যাৰ সন্দেহ আৰক্ষীৰ।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকিৰে দিল্লী আৰক্ষীলৈ যোৱা ই-মেইল সন্দৰ্ভতো তদন্তৰ কথা ক'লে তেওঁ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in