অসম আৰক্ষী দিৱসত ২৬১ গৰাকী আৰক্ষী-প্ৰশাসনিক বিষয়ালৈ প্ৰশংসা পদক...

১ অক্টোবৰ অসম আৰক্ষী দিৱস

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষী দিৱসত ২৬১ গৰাকী আৰক্ষী-প্ৰশাসনিক বিষয়ালৈ প্ৰশংসা পদক...

assam police day

ডিজিটেল সংবাদ, কলিয়াবৰ : ১ অক্টোবৰ অসম আৰক্ষী দিৱস। আজিৰ দিনটোতে ২০২১-২২ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদকৰ ৰূপৰ পদক কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু চুলুং আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল দেৱনাথলৈ আগবঢ়োৱা হয়।

কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া হিচাপে কৰ্মৰত মৃণ্ময় দাসে মহকুমা আৰক্ষী প্ৰশাসনৰ অন্তৰ্গত সকলো আৰক্ষী নিৱেশ তথা চকীৰ আৰক্ষীৰ কৰ্ম তৎপৰাতত বিশেষ অৰিহণা যোগোৱাৰ ফলশ্ৰুতিত এই সন্মান প্ৰদান কৰা হৈছে।

আনহাতে, চুলুং আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক মৃদুল দেৱনাথলৈ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদকৰ ৰূপৰ পদক আগবঢ়োৱা হৈছে। ১৯৯৪ চনত অসম আৰক্ষীৰ কনিষ্টবল পদত যোগদান কৰি পৰৱৰ্তী কালত নিজ কৰ্ম দক্ষতাৰ ২০১৫ চনত সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক পদোন্নতি লাভ কৰে।

উল্লেখ‍্য যে, ১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীদেৱে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেতিয়াৰে পৰা এই দিনটোত অসম আৰক্ষীক কৃতজ্ঞতা প্ৰকাশৰ বাবে উদযাপন কৰি অহা হৈছে অসম আৰক্ষী দিৱস ৷

assam Assam police