/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/dgp.jpg)
ডিজিটেল ডেস্কঃ ২০ ফেব্ৰুৱাৰী দেওবাৰে অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষা। এই পৰীক্ষাত যাতে কোনোধৰণৰ বিসংগতি নহয় তাৰ বাবে অসম আৰক্ষীৰ ফালৰ পৰা যথেষ্ট কঠোৰ নীতি নিয়ম জাৰি কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰ সমূহত কঠোৰ নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে। মুঠ ৯০১৭ টা পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষা সম্পৰ্কে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এই বিষয়ে প্ৰকাশ কৰিছে।
ৰাজ্যৰ মুঠ ৮ খন জিলাৰ ৭৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব দেওবাৰৰ লিখিত পৰীক্ষা। ইয়াৰ বাবে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে কঠোৰ নীতি-নিয়মৰ মাজেৰে পৰীক্ষাৰ্থীসকল প্ৰবেশ কৰিব লাগিব। পৰীক্ষা অনুষ্ঠিত হোৱাৰ নিৰ্দিষ্ট সময়তকৈ এক-ডেৰ ঘণ্টা আগতেই পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব পৰীক্ষাৰ্থীসকল। পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোনৰ লগতে সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী।
সকলো পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ড লগত লৈ যাব লাগিব। কোনো পৰীক্ষাৰ্থীয়ে অনৈতিক কাৰ্যত লিপ্ত হ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থাও গ্ৰহণ কৰা হ'ব বুলি সকিয়াই দিছে আৰক্ষী সঞ্চালক প্ৰধানজনে।সকলো পৰীক্ষা কেন্দ্ৰতে চিচি টিভি আৰু মোবাইল জামাৰৰ ব্যৱস্থা কৰা হৈছে।