অসম-নগালেণ্ড সীমান্তত নগাৰ দপদপনিঃ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক…

অসম-নগালেণ্ড সীমান্তত নগাৰ দপদপনিঃ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক…

ডিজিটেল সংবাদ, মৰিয়নীঃ মৰিয়নীৰ অসম নগালেণ্ড সীমান্তত চলিছে নগাৰ দপদপনি।অসমৰ ভূমিত নগাৰ আগ্ৰাসন অব্যাহত থকা সময়তে মৰিয়নিৰ নাগিনীজানত নগা আৰক্ষীয়ে এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাই সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে সীমান্তত গৰু বিচাৰি যাওতে ৰামপ্ৰকাশ হালোৱা নামৰ এজন ব্যক্তিক গুৰুলাগুৰুলকৈ প্ৰহাৰ  কৰে ৩ জনীয়া নগা আৰক্ষীৰ এটা দলে।

যুৱকজনে অসমৰ মাটিত থকা নগাৰ এখন অবৈধ গেট পাৰ হৈ নিজৰ এটা গৰু আনিবলৈ যোৱাৰ বাবে তিনিজনীয়া এটা নগা আৰক্ষীৰ দলে সোধপোচ নকৰাকৈ যুৱকজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। পিচত গুৰুতৰভাবে আহত যুৱকজনক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইয়াৰ পাছতে মৰিয়নী আৰু দেৱেৰাপাৰা আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।। এই ঘটনাৰ পিচতে সীমান্তত ব্যাপক উত্তেজনাৰ সৃষ্টি হয়। আনহাতে ঘটনাস্থলীত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিতি হৈ অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈ সৰৱ হৈ পৰে।   

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in