অসম-নাগালেণ্ড সীমা সমস্যাক লৈ ডিমাপুৰত দুয়ো ৰাজ্যৰ মাজত চুক্তিঃ ২৪ ঘণ্টাৰ ভিতৰত দিছৈভেলীৰ পৰা দুয়ো ৰাজ্যই প্ৰত্যাহাৰ কৰিব আৰক্ষী

অসম-নাগালেণ্ড সীমা সমস্যাক লৈ ডিমাপুৰত দুয়ো ৰাজ্যৰ মাজত চুক্তিঃ ২৪ ঘণ্টাৰ ভিতৰত দিছৈভেলীৰ পৰা দুয়ো ৰাজ্যই প্ৰত্যাহাৰ কৰিব আৰক্ষী

author-image
asomiyapratidin
New Update
অসম-নাগালেণ্ড সীমা সমস্যাক লৈ ডিমাপুৰত দুয়ো ৰাজ্যৰ মাজত চুক্তিঃ ২৪ ঘণ্টাৰ ভিতৰত দিছৈভেলীৰ পৰা দুয়ো ৰাজ্যই প্ৰত্যাহাৰ কৰিব আৰক্ষী

ডিজিটেল সংবাদ ৱাখাঃ অসম-মিজোৰামৰ দৰে আন এক সংঘৰ্ষময় পৰিস্থিতি যাতে অসম-নাগালেণ্ডৰ মাজত দিছৈভেলী সংৰক্ষিত বনাঞ্চলকলৈ সৃষ্টি হ'ব নোৱাৰে সেই উদ্দেশ্যেৰে শনিবাৰে নাগালেণ্ডৰ ডিমাপুৰত অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ হয় । ডিমাপুৰৰ ছুমুকেডিমা আৰক্ষী কমপ্লেক্সত অনুষ্ঠিত হোৱা অতি গুৰুত্বপূৰ্ণ বৈঠকত নাগালেণ্ডৰ হৈ উপস্থিত থাকে নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী য়ানথাংগু পেট্টন , মুখ্য সচিব জে আলম , আৰক্ষী সঞ্চালক প্ৰধান টিজন লংকুমাৰ । আনহাতে অসম চৰকাৰৰ হৈ বৈঠকত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু মুখ্য সচিব জিষ্ণু বৰুৱা ।

Advertisment

এই ৰুদ্ধদাৰ বৈঠকত অসম আৰু নাগালেণ্ডৰ চৰকাৰৰ মাজত শেহতীয়াকৈ মৰিয়নী দিছৈভেলী আৰু মোককচাঙৰ ছুকৰংগভেলীৰ সংৰক্ষিত বনাঞ্চলকলৈ উদ্ভৱ হোৱা সীমা সংঘাত নিৰাময় বাবে এই ঐতিহাসিক সীমা বিবাদৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় । চুক্তিৰ তথ্য অনুসৰি নাগালেণ্ড আৰু অসম চৰকাৰ এই চুক্তিত উপনিত হয় যে মৰিয়নীৰ দিছৈভেলী সংৰক্ষিত বনাঞ্চল পৰা দুয়োখন ৰাজ্যই নিজৰ নিজৰ আৰক্ষী শিবিৰ অহা ২৪ ঘণ্টাৰ ভিতৰত প্ৰত্যাহাৰ কৰিব । উভয় ৰাজ্যই সংৰক্ষিত বনাঞ্চল সীমাৰ পথসমূহ দ্ৰোণ আৰু উপগ্ৰহৰ সহায়ত নিৰীক্ষণ কৰিব যাতে স্থিতাৱস্থা বাহাল ৰাখিবলৈ সন্মত হয়। তদুপৰি সীমা সমস্যা শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ সন্মত হয় ।

বৈঠকত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী য়ানথাংগু পেট্টন বিবদমান অঞ্চলৰ ওপৰিও অন্য অঞ্চলত নগালোকসকলৰ ওপৰত তালাচীৰ নামত অসম আৰক্ষীয়ে প্ৰায়ে হাৰাশাস্তি কৰাৰ বিষয়টো উত্থাপন কৰে । প্ৰত্যুত্তৰত অসম চৰকাৰে অসমৰ মাজেৰে যাতায়ত কৰা নগাসকলৰ সুৰক্ষাৰ দিব বুলি নিশ্চয়তা প্ৰদান কৰে । বৈঠকত অসম- নাগালেণ্ড সীমান্তত অঞ্চলত উভয় ৰাজ্যই শান্তি- শৃংখলা বজাই ৰাখিবলৈ সন্মত হয় ।

উল্লেখ্য যে বৈঠকৰ পিছত সংবাদ মাধ্যমৰে হোৱা এক বাৰ্তালাপত অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, অসম আৰু নাগালেণ্ড এই দুয়োখন ৰাজ্যৰ সীমা বিবাদক মিজোৰামৰ দৰে পৰিস্থিতি হ'বলৈ কেতিয়াও নিদিয়ে । যদিও আমাৰ মাজত এক দীঘলীয়া অমীমাংসিত সীমা বিবাদ আছে, তৎস্বতেও আমি দুয়োখন ৰাজ্যই শান্তি শৃংখলা বজাই ৰাখিবলৈ চেষ্টা কৰিছো । আচলতে সীমা নিৰ্ধাৰণ ক্ষেত্ৰত চৰকাৰৰ ওপৰত নিৰ্ভৰশীল । ইয়াৰ মাজত শান্তি শৃংখলা বজাই ৰখাৰ বাবে নাগালেণ্ড আৰু অসমৰ ৰাইজক ধন্যবাদ দিছো । অসম আৰু নাগালেণ্ড মাজৰ সীমা সমস্যাৰ সৈতে মিজোৰামৰ সীমা সমস্যা কেতিয়াও তুলনা কৰিব নোৱাৰি । ই এটা পৃথক বিষয় । কিন্তু বৰ্তমান অসম আৰু নাগালেণ্ডৰ মাজত সীমাক লৈ যি পৰিস্থিতিৰে উদ্ভৱ নহওক সেয়া দুয়োখন ৰাজ্যই আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব ।

আনহাতে অসমৰ মাজেৰে যাতায়ত কৰা নগা যাত্ৰীসকলক তালাচীৰ নামত অসম আৰক্ষীয়ে অযথা হাৰাশাস্তি কৰাৰ অভিযোগ সন্দৰ্ভত অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কয়, এতিয়াৰে পৰা নগা যাত্ৰীসকলক সম্পূৰ্ণ সুৰক্ষাৰ যত্ন ল'ব অসম চৰকাৰে । অসমত নগাসকলে ভোগ কৰা যিকোনো সমস্যাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব । ইফালে নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী য়ানথাংগু পেট্টনে কয় যে, অসম-নাগালেণ্ডেৰ আমি নগাসকলে বহু সমস্যাৰ সন্মুখীন হৈ আহিছো । বিশেষকৈ বিভিন্ন চেকগেটত নগালোকসকলক অসম আৰক্ষীয়ে প্ৰায়ে হাৰাশাস্তি কৰি আহিছে । গতিকে এইবিষয়সমূহ মন্ত্ৰী ৰণোজ পেগুক অৱগত কৰা হৈছে । তেওঁ ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিশ্চিয়তা দিছে ।

উল্লেখযোগ্য যে বিগত এবছৰ ধৰি দিছৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্ৰাসনকলৈ দুয়োখন ৰাজ্যৰ মাজত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ আহিছে । ইয়াৰ মাজতে যোৱা শুকুৰবাৰে নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পাট্টনে হেলিকেপ্টাৰে মৰিয়নী দিছৈভেলী সংৰক্ষিত বনাঞ্চলৰ বিবদমান অঞ্চলটি পৰিদৰ্শন কৰাৰ পাছত সীমান্তৰ পৰিস্থিতি পুনৰ জটিল হৈ পৰা সম্ভাৱনাই দেখা দিছিল যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে ডিমাপুৰত এই অতি গুৰুত্বপূৰ্ণ জৰুৰী বৈঠক অনুষ্ঠিত হয় । উল্লেখযোগ্য যে অসম আৰু নাগালেণ্ডৰ মাজত বিগত ছয়দশকজুৰি ৫১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক সীমা বিবাদ চলি আছে । বিষয়টো অদ্যাপি উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ মাজতে দুয়োখন ৰাজ্যৰ মাজত এনেদৰে এক ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।