'নিজৰ ল'ৰা'টোক হেৰাৱাই আজি সকলো অকলশৰীয়া !

যিসকলে জুবিন গাৰ্গক ওচৰৰ পৰা জানে অথবা তেওঁৰ ঘৰ বা ষ্টুডিঅ’লৈ এবাৰ হ’লেও গৈছে, সেইসকলে এই কথা জানে। জুবিনৰ ঘৰ আৰু ষ্টুডিঅ’ বিভিন্ন গছ-গছনিৰে আৱৰা।

author-image
সংগীতা দাস
New Update
22222222222222

ডিজিটেল ডেস্ক: যিসকলে জুবিন গাৰ্গক ওচৰৰ পৰা জানে অথবা তেওঁৰ ঘৰ বা ষ্টুডিঅ’লৈ এবাৰ হ’লেও গৈছে, সেইসকলে এই কথা জানে। জুবিনৰ ঘৰ আৰু ষ্টুডিঅ’ বিভিন্ন গছ-গছনিৰে আৱৰা। বিভিন্ন প্ৰজাতিৰ সৰু-ডাঙৰ গছ, ফল-ফুলৰে আগুৰি আছে জুবিনৰ ঘৰ-ষ্টুডিঅ’। এটা সক্ষাকাৰত জুবিনে কৈছিল, তেওঁক হেনো সকলোতকৈ বেছি গছেহে বুজে। আন কোনোয়ে তেওঁক ইমান গভীৰ ভাৱে বুজিব নোৱাৰে। কিন্তু এতিয়া ?

প্ৰকৃতিক আটাইতকৈ বেছি ভালপোৱা মানুহটো সাগৰতে চিৰদিনলৈ শুই পৰিল। প্ৰকৃতিয়ে নবুজিলে জুবিনক। জুবিন এতিয়া নাই। কোনেও মানি ল’বলৈ নিবিচাৰিলেও এয়াই সত্য। 

ঘৰৰ চৰাই-চিৰিকটিক চাউল-ভাত দিবলৈ, মৰমৰ পোহনীয়া কুকুৰকেইটাৰ লগত মন ভৰি খেলিবলৈ, সিঁহতৰ যতন ল’বলৈ জুবিন এতিয়া আৰু ঘূৰি নাহে। জুবিনৰ আটাইকেইটা পোহনীয়া কুকুৰ এতিয়া ষ্টু’ডিঅ’ৰ বাৰাণ্ডাত আমন-জিমনকৈ বহি আছে। হয়তো প্ৰিয় মানুহজন নোহোৱা হোৱাৰ দুখ সিঁহতেও বুজিছে। 

জুবিনৰ পত্নী গৰিমা শকীয়া গাৰ্গেও সেই কথা চিন্তা কৰি কান্দিছে আৰু কান্দিছে। এদিন এটা আঘাতপ্ৰাপ্ত বান্দৰ জুবিনৰ খাৰঘূলিৰ ঘৰ আহি ওলাইছিলহি। সেই বান্দৰটোৰ সম্পূৰ্ণ চিকিৎসা কৰি জুবিনে সুস্থ কৰিছিল আৰু তাৰ নাম দিছিল মধুসূদন গাৰ্গ। আঘাত পোৱা এজনী বগলীকো চিকিৎসা কৰিছিল জুবিনে । বগলীজনীৰ নাম দিছিল উদাসীনী গাৰ্গ। ব্যস্ততাৰ মাজতো জুবিনে কিদৰে এই সকলোবোৰৰ যত্ন লৈছিল, সিঁহতৰ প্ৰত্যেকৰে নাম ৰাখিছিল, সেই কথা কৈ কৈ চকুৰ পানীৰে বাট নেদেখা হৈছে জুবিনৰ পত্নী। জুবিনে লোৱাৰ দৰে এই সকলোবোৰৰ যত্ন গৰিমাই ল’ব পাৰিবনে বুলি চিন্তাও কৰিছে গৰিমা শইকীয়া গাৰ্গে। ৰাতিপুৱাৰ পৰা ঘৰৰ বাহিৰত সহায়ৰ বাবে শাৰী পাতি থকাসকলক এতিয়া কোনে সহায় কৰিব ? চিকিৎসা খৰচ বহন কৰি অজস্ৰজনক নতুন জীৱন এতিয়া কোনে দিব ?

সমগ্ৰ অসম আজি শোকাহত। জুবিন গাৰ্গৰ গানৰ মাজতেই এতিয়া তেওঁক বিচাৰি হাহাকাৰ কৰিছে। নিজৰ উশাহটো দিও জীয়াই ৰাখিবলৈ বিচৰা ‘নিজৰ ল’ৰা’টোক আজি অসমবাসীয়ে চিৰদিনিলৈ হেৰুৱালে।