/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/meghalaya.jpg)
ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত মেঘালয়ে আগ্ৰাসনৰ ষড়যন্ত্ৰ কৰা ঠাইবোৰ শনিবাৰে পৰিদৰ্শন কৰে বকোৰ বিধায়িকা নন্দিতা দাস , কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কৰ্তিক আৰু অতিৰিক্ত জিলা উপায়ুক্তগৰাকীয়ে। এই দলটোৱে প্ৰথমে বকো থানাৰ অন্তৰ্গত পাহাৰীয়া ঠাই লাম্পি পৰিদৰ্শন কৰে । লাম্পিত দলটোৱে ধাৰাষাৰ বৰষুণৰ সন্মুখীন হয় । তথাপিও দলটোৱে মেঘালয়ৰ আৰক্ষী-প্ৰশাসনে আগ্ৰাসন চলাই ৰঙা পূৰণ চিন দি যোৱা ঠাইবোৰ স্বচক্ষে পৰিদৰ্শন কৰে ।
ইয়াৰ পিছতে মেঘালয়ে আগ্ৰাসনৰ ষড়যন্ত্ৰ কৰা হাহিম, মালাং আদিও পৰিদৰ্শন কৰাৰ কথা আছিল যদিও সেই দুখনঠাই তেওঁলোকেৰ পৰিদৰ্শন নকৰিলে বুলি জানিব পৰা গৈছে ।ট
উল্লেখযোগ্য যে কিছুদিন আগতে বকোৰ মালাংৰ পৰা আৰম্ভ কৰি লাম্পিলৈ মেঘালয়ৰ আৰক্ষী-প্ৰশাসনে অসম- মেঘালয় সীমাৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ আগ্ৰাসন কৰি ৰঙা ৰঙৰ পূৰণ চিন দি গৈছে । বকোৰ ৰাইজে সন্দেহ কৰিছে সেই ৰঙা চিন আকি থৈ যোৱা ঠাইবোৰত মেঘালয়ে নিজৰ বুলি দাবী কৰি সীমাৰ খুটা নিৰ্মাণ কৰিব । ইয়াৰ পিছৰে পৰা অব্যাহত আছে বকোত উত্তেজনা ।
মেঘালয়ৰ এনে ষড়যন্ত্ৰৰ প্ৰতিবাদ জনাইছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ গামেৰীমূৰা আঞ্চলিক আৰু কামৰূপ জিলা গাৰো জাতীয় পৰিষদে ।ৰাভা ছাত্ৰ সংগঠনে মেঘালয়ৰ আগ্ৰাসন প্ৰতিৰোধ কৰা আৰু সীমান্তবাসীৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিতে জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।
ইয়াৰ উপৰিও কামৰূপ জিলা গাৰো জাতীয় পৰিষদে ছয়গাঁৱৰ শান্তিপুৰত ৰাজহুৱা সভা অনুষ্ঠিত কৰি মেঘালয়ৰ এনে ষড়যন্ত্ৰ তীব্ৰ বিৰোধীতা কৰিছিল।বছৰ বছৰ ধৰি বকোৰ লাম্পি, হাহিম, মালং আদি ঠাইত মেঘালয়ে আগ্ৰাসন চলাই মেঘালয়ে বি অ' পি স্হাপন, শিক্ষানুষ্ঠান স্থাপন, পানী যোগান আঁচনি স্হাপন, বাট-পথ নিৰ্মাণ, বিদ্যুৎ সংযোগ আদি ইতিমধ্যেই কৰিছে । লাম্পিত মেঘালয়ে আগ্ৰাসন চলোৱাৰ নামত লাম্পিৰ লোকক মাৰধৰ পৰ্যন্ত কৰাৰ দৰে ঘটনা সংঘটিত হৈছে।
লাম্পিৰ লোকক মেঘালয়ৰ লোকে লাম্পি ত্যাগ কৰিবলৈ ভাবুকি দি আহিছে । অসমৰ ভূমিত অসমৰ নাগৰিকক বাট-পথ নিৰ্মাণত মেঘালয়ৰ লোকে আৰু মেঘালয়ৰ আৰক্ষী- প্ৰশাসনে বাধা প্ৰদান কৰাৰ দৰে ঘটনা সংঘটিত হৈছে বকোৰ মালাংত । শনিবাৰে বিধায়িকা নন্দিতা দাস, জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তকে ধৰি সীমান্ত পৰিদৰ্শনৰ বাবে যোৱা দলটোৰ এই ভ্ৰমণৰ পিছত চৰকাৰে কি ভূমিকা গ্ৰহণ কৰি সেয়া হ'ব লক্ষণীয় বিষয়া।