New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-22.jpg)
- অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা।
- মিজোৰ গুলীত আহত হৈছে কেইবাজনো অসম আৰক্ষীৰ জোৱান।
- সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিস্থিতি।
- কাছাৰ জিলাৰ উপায়ুক্তৰ বাহনো ভাঙি চুৰমাৰ কৰিলে মিজোৱে।
- পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সীমান্তl অসম আৰক্ষীৰ বিশাল বাহিনী মোতায়েন কৰা হৈছে।
- জানিব পৰা মতে অসম-মিজোৰাম সীমান্তৰ বিবদমান এলেকা লাইলাপুৰত অসমৰ ভূমিত মিজোৱে নিৰ্মাণ কৰিছিল শিবিৰ।
- অসম আৰক্ষীয়ে এই শিবিৰ উচ্চছেদ কৰিবলৈ সোমবাৰৰ পুৱাৰে পৰা আৰম্ভ কৰিছিল অভিযান।
- অসম আৰক্ষী সেই বিবদমান ঠাইত উপস্থিত হোৱাৰ পাছতে মিজোৰাম আৰক্ষীয়ে অসম আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰে।
- পাহাৰৰ ওপৰৰ পৰা অসম আৰক্ষীলৈ গুলী চালনা কৰিছে মিজোৰাম আৰক্ষীয়ে।
- বৰ্তমানেও সেই স্থানলৈ সাংবাদিকক জাবলৈ দিয়া হোৱা নাই।