/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-21.jpg)
ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত। পুনৰ সীমান্তত সৃষ্টি হৈছে গুলীচালনাৰ ঘটনা।হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ মিজোৱে আগ্ৰাসন চলাবলৈ সৃষ্টি কৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। জিলাখনৰ ধলছেড়া বিলাইপুৰ অঞ্চলৰ চুনিলাল টিলাত মিজোৱে আগ্ৰাসনৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।
অঞ্চলটোত অসমে পথ নিৰ্মাণ কৰি আছে আৰু এই নিৰ্মাণ কাৰ্য বন্ধ কিৰবলৈ প্ৰচেষ্টা চলাইছিল মিজোৱে। ইয়াৰ পাছতে আগ্ৰাসী মিজোক ৰুধিবলৈ অসম আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় বুলি জানিব পৰা গৈছে।
ঘটনাক কেন্দ্ৰ কৰি গোটেই অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে যোৱা ১৩ আগষ্ট তাৰিখে নিশা হাইলাকান্দিৰ এখন বিদ্যালয়ত মিজোৱে গ্ৰেনেড নিক্ষেপ কৰাৰ ঘটনা সংঘটিত হৈছিল। লাইলাপুৰত মিজোৱে ৬ জনকৈ অসম আৰক্ষী জোৱানক হত্যা কৰাৰ পাছৰে পৰা সমগ্ৰ সীমান্তত উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈ আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us