উত্তপ্ত সীমান্তঃ অসম, মিজোৰামৰ মুখ্য সচিব, ডিজিপিক দিল্লীলৈ তলব, বিয়লি গৃহ সচিবৰে যুটীয়া বৈঠক

উত্তপ্ত সীমান্তঃ অসম, মিজোৰামৰ মুখ্য সচিব, ডিজিপিক দিল্লীলৈ তলব, বিয়লি গৃহ সচিবৰে যুটীয়া বৈঠক

author-image
asomiyapratidin
New Update
উত্তপ্ত সীমান্তঃ অসম, মিজোৰামৰ মুখ্য সচিব, ডিজিপিক দিল্লীলৈ তলব, বিয়লি গৃহ সচিবৰে যুটীয়া বৈঠক

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ জোকাৰি তোলা অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে দুৰ্বৃত্তৰ সহায়ত অসম আৰক্ষীলৈ গুলী চালনা কৰাৰ ঘটনা সন্দৰ্ভত বুধবাৰে দিল্লীত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ উপস্থিতিত মিজোৰামৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত পুৱা ১০ঃ৩০ বজাৰ পৰা অনুষ্ঠিত হৈছে এই গুৰুত্বপূৰ্ণ বৈঠক।

Advertisment

সুকীয়া সুকীয়াকৈ অসম আৰু মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধান তথা মুখ্য সচিবৰে আলোচনা সম্পূৰ্ণ হোৱাৰ পিছত বিয়লি ৪ বজাত পুনৰ দুয়ো ৰাজ্যৰ বিষয়াবৰ্গৰ সৈতে একেলগতে অনুষ্ঠিত হ'ব যুটীয়া বৈঠক। আশা কৰা হৈছে উত্তপ্ত হৈ থকা অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতিৰ সন্দৰ্ভত অনুষ্ঠিত এই বৈঠকতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ ক্ষেত্ৰত চূড়ান্ত কৰ্মসূচী প্ৰস্তুত কৰা হ'ব।

উল্লেখ্য যে, বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা সময়ে সময়ে অসম-মিজোৰাম সীমান্তত মিজোৰামৰ আগ্ৰাসনক লৈ চলি থকা উত্তপ্ত পৰিস্থিতিয়ে ২৬ জুলাইত বিস্ফোৰক ৰূপ ধাৰণ কৰে। সেই দিনটোত স্বয়ং গৃহমন্ত্ৰী অমিত শ্বাহ অসমতেই আছিল আৰু আগদিনা শ্বিলংত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান উপস্থিতিত সীমা সমস্যা সন্দৰ্ভত বৈঠকত মিলিত হৈছিল। এনে পৰিপ্ৰেক্ষিততে বিষয়টোৱে কেন্দ্ৰীয় গৃহ বিভাগক বাৰুকৈয়ে অপ্ৰস্তুত অৱস্থাত পেলাইছে। সেয়ে ততাতৈয়াকৈ দিল্লীলৈ তলব কৰা হৈছে দুয়ো ৰাজ্যৰ মুখ্য সচিবৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানক।