/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/assam-meghalaya-boarder.jpg)
ডিজিটেল ডেস্কঃ অসম আৰু মিজোৰামৰ সীমা সমস্যা সমাধান আৰু সীমান্তত শান্তি স্থাপনৰ বাবে ৫ আগষ্টত দুয়ো ৰাজ্যৰ প্ৰতিনিধিৰে আইজলত বৈঠক অনুষ্ঠিত হোৱাৰ পাছত ৬ আগষ্টত মেঘালয়ৰে বৈঠক অনুষ্ঠিত হ'ব অসমৰ। অসম আৰু মেঘালয়ৰ সীমা সমস্যা সমাধানৰ সন্দৰ্ভত গুৱাহাটীত খানাপাৰা ষ্টাফ কলেজত বৈঠক অনুষ্ঠিত হ'ব ৬ আগষ্ট, শুক্ৰবাৰে।
এই বৈঠকত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লগতে দুয়ো ৰাজ্যৰ আন আন প্ৰতিনিধি।
দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত উত্তৰ পূ্ৰ্বাঞ্চলৰ দুই ৰাজ্যৰ মাজত চলি থকা দীৰ্ঘদিনিয়া সীমা সমস্যা সমাধানৰ বাট মুকলি হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বেও দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত গুৱাহাটীত সীমা সমস্যাক কেন্দ্ৰ কৰি এক অনানুষ্ঠানিক বৈঠক অনুষ্ঠিত হৈছিল।