অসম-মেঘালয়ৰ সীমান্তৰ ৰাইজে দাবী কৰিলে সীমান্ত উন্নয়নৰঃ দুয়ো ৰাজ্যৰ ৰাজধানীত নেতাই দিয়া হুংকাৰে শান্তি ভংগ কৰিছে সীমান্তৰ…

অসম-মেঘালয়ৰ সীমান্তৰ ৰাইজে দাবী কৰিলে সীমান্ত উন্নয়নৰঃ দুয়ো ৰাজ্যৰ ৰাজধানীত নেতাই দিয়া হুংকাৰে শান্তি ভংগ কৰিছে সীমান্তৰ…

author-image
asomiyapratidin
New Update
অসম-মেঘালয়ৰ সীমান্তৰ ৰাইজে দাবী কৰিলে সীমান্ত উন্নয়নৰঃ দুয়ো ৰাজ্যৰ ৰাজধানীত নেতাই দিয়া হুংকাৰে শান্তি ভংগ কৰিছে সীমান্তৰ…

ডিজিটেল সংবাদ বকোঃ মেঘালয়ৰ আগ্ৰাসনক কেন্দ্ৰ কৰি আতংকিত হৈ আছে মেঘালয়ৰ সীমান্তত থকা অসমবাসী। একেদৰে শান্তিপ্ৰিয় সীমান্তত থকা মেঘালয় বাসীয়েও সমানে আতংকিত হৈ পৰিছে। মেঘালয়ৰ আৰক্ষী-প্ৰশাসনে আগ্ৰাসনৰ ষড়যন্ত্ৰ কৰি বকো থানাৰ অন্তৰ্গত মালাঙৰ পৰা হাহিমৰ মাজেদি লাম্পিলৈ দিঘলীয়াকৈ পূৰণ চিন আঁকি থৈ যোৱাৰ পিছৰে পৰা শান্তি ভঙ্গ হৈছে সীমান্তত বসবাস কৰা দুয়োখন ৰাজ্যৰ ৰাইজৰ।সহজ-সৰল সীমান্তত বসবাস কৰা অসমৰ ৰাইজে যেনেকৈ মেঘালয়ৰ আগ্ৰাসনক নিবিচাৰে একেদৰে শান্তি ভাল পোৱা সীমান্তৰ মেঘালয়ৰ ৰাইজেও অসমত মেঘালয়ৰ আৰক্ষী-প্ৰশাসনে আগ্ৰাসন চলাই শান্তি বিঘ্নিত কৰা কাৰ্যক সমৰ্থন নকৰে।

Advertisment

অসমৰ ৰাজধানী দিছপুৰত নাইবা মেঘালয়ৰ ৰাজধানী শ্বিলঙত বহি জনপ্ৰতিনিধিয়ে জধে-মধে দিয়া হুংকাৰ দুয়োখন ৰাজ্যৰ সীমান্তত অতি সহজ-সৰল ভাৱে একেলগে বসবাস কৰা বাসিন্দাৰ মাজত বাৰুকৈ প্ৰভাৱ পৰে । একেই প্ৰভাৱ পৰে সমাজ-সংগঠনে জধে-মধে দিয়া হুংকাৰৰ বাবে । মেঘালয়ে আগ্ৰাসন চলাই অসমৰ মাটিত শিক্ষানুষ্ঠান, পানী যোগান, বি অ' পি স্হাপন, বিদ্যুৎ যোগান দিয়াৰ দৰে কামবোৰ একে দিনাই কৰিব পৰা নাই । সীমান্তৰ অসমৰ লোকৰ প্ৰতি কৰা অৱহেলাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে।

উন্নয়নৰ মুখ নেদেখা সীমান্তবাসীয়েও উপায় বিহীন হৈ উন্নয়নৰ স্বাৰ্থত মেঘালয়কে নীৰৱে সমৰ্থন কৰিবলৈ বাধ্য হৈছে। যাৰবাবে সম্প্ৰতি আগ্ৰাসনে ভয়ংকৰ ৰূপ লৈছে । সীমান্তত অশান্তি বৃদ্ধি পাইছে । সীমান্তৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হ'ল সেই ঠাইবোৰত মোবাইল সংযোগৰ সুবিধা নাই। বাট-পথৰ সুচল ব্যৱস্থা নাই । তাৰে সুযোগ গ্ৰহণ কৰি জনপ্ৰতিনিধিৰ পৰা আৰম্ভ কৰি বিভাগীয় বিষয়া-কৰ্মচাৰীৰ উপৰিও ঠিকাদাৰে সীমান্তত উন্নয়নমূলক কাম-কাজ কৰাৰ নামত কেৱল ধন আত্মসাৎ কৰি আহিছে । গতিকে সেই ঠাইবোৰত উন্নয়নৰ নামত কেৱল ভেকোঁভাওনা চলিছে । তাৰ সুযোগ গ্ৰহণ কৰিছে মেঘালয় চৰকাৰেও ।

যিহেতু আগ্ৰাসন একে দিনাই হোৱা সমস্যা নহয় সেই সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে দুয়োখন ৰাজ্যৰ সচেতন ৰাইজে। সীমান্তবৰ্তী অসম চৰকাৰে উন্নয়নৰ কাম কৰিলে মেঘালয়ে বাধা আৰোপ কৰে নতুবা মেঘালয়ে উন্নয়ন মূলক কাম কৰিলে অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।সেই বাবে  কেন্দ্ৰীয় চৰকাৰক প্ৰত্যক্ষ ভাৱে সীমান্তত উন্নয়নমূলক কাম-কাজ কৰিবলৈ ৰাইজে দাবী জনাইছে। অভিযোগ মতে সীমান্তত আগ্ৰাসন নাইবা অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত সদায় এচাম বিশেষ কাম-কাজ নথকা লোকক প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে উচটাই অহা দেখা যায় ।সেই খিনি লোক নিবনুৱা । তেওঁ লোকক কৰ্মসংস্থাপন দিলে আগ্ৰাসনক, অপ্ৰীতিকৰ পৰিবেশ আদি বহু ক্ষেত্ৰত কমিব বুলিও সচেতন ৰাইজে আশা প্ৰকাশ কৰিছে ।

সীমান্ত গছ-গছনি , শিল-মাটি আদি প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ। চোৰাংবেপাৰীৰ অত্যাচাৰত প্ৰাকৃতিক সম্পদ কমিছে যদিও একেবাৰে শেষহৈ যোৱা নাই। সীমান্তত  অতি কম খৰছত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি প্ৰকৃতিৰ কোনো ক্ষতি নোহোৱাকৈ গছৰ পাতৰ পৰা আৰম্ভ কৰি বিভিন্ন অংশ, শিল-বালি, মাটি আদিৰ পৰা বিভিন্ন নিত্য ব্যৱহায্য সা-সামগ্ৰী প্ৰস্তুতৰ ব্যৱস্থা কৰিলে নিবনুৱাই সংস্হাপন লাভ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। অশান্ত জৰ্জৰিত সীমান্তত শান্তি স্হাপনৰ লগতে দুয়োখন ৰাজ্যৰ নিবনুৱাক সংস্হাপনৰ এক চৰকাৰী পদক্ষেপ হ'ব বুলি সীমান্তৰ শান্তি প্ৰিয় ৰাইজে আশা প্ৰকাশ কৰিছে ।