ৰাজনৈতিক ষড়যন্ত্ৰ ! বকোত অসমবিদ্বেষী চক্ৰৰ সৈতে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা…

ৰাজনৈতিক ষড়যন্ত্ৰ ! বকোত অসমবিদ্বেষী চক্ৰৰ সৈতে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা…

author-image
asomiyapratidin
New Update
ৰাজনৈতিক ষড়যন্ত্ৰ ! বকোত অসমবিদ্বেষী চক্ৰৰ সৈতে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা…

ডিজিটেল সংবাদ বকোঃ মেঘালয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই বুধবাৰে কামৰূপ জিলাৰ বকোত অনুষ্ঠিত হোৱা সভা এখন অংশ গ্ৰহণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে অসম-মেঘালয় সীমাক কেন্দ্ৰ কৰি বকোত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়ত মেঘালয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বকো থানাৰ অন্তৰ্গত আৰু মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ কাষত অৱস্থিত শালবাৰী গাঁৱত অসমবিদ্বেষী চক্ৰ এটাৰ সৈতে বুধবাৰে মিলিত হৈ এখন সভা অনুষ্ঠিত কৰে ।

Advertisment

ফলত পুনৰ আতংকই বিৰাজ কৰিছে দুয়োখন ৰাজ্যৰ সীমাত বসবাস কৰা শান্তিপ্ৰিয় ৰাইজৰ মাজত। একাংশ সমাজ-সংগঠনে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ এয়া ৰজনৈতিক অভিসন্ধি বুলি আখ্যা দিছে । কিয়নো অহা বৰ্ষত মেঘালয় ৰাজ্যত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'ব । গতিকে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অহা বিধানসভা নিৰ্বাচনত নিজে নেতৃত্ব দি থকা তৃণমূল কংগ্ৰেছ দলক বিজয়ী কৰি পুনৰ মুখ্যমন্ত্ৰীৰ হোৱাৰ অভিসন্ধিৰে এনেদৰে সীমান্তত অসমবিদ্বেষী চক্ৰক উচটাই ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ এনে ৰাজনৈতিক ষড়যন্ত্ৰক তীব্ৰ গৰিহণাও দিছে সমাজ-সংগঠন সমূহে । অনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে শালবাৰীগাঁৱত অসমবিদ্বেষী চক্ৰটোৰ সৈতে সভা অনুষ্ঠিত কৰাৰ কথা জানিব পাৰি অসমবিদ্বেষী চক্ৰটোৱে যাতে পুনৰ কোনোধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বকো আৰক্ষীয়ে অৰ্ধসামৰিক বাহিনী লগত লৈ শালবাৰীগাঁৱত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, অসমবিদ্বেষী চক্ৰ এটাই বকোৰ শালবাৰীকে ধৰি কেইবাখনো গাঁও মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰৰ অন্তৰ্ভুক্ত কৰাৰ অহৰহ ষড়যন্ত্ৰ চলাই আহিছে । এই চক্ৰটোৰ লগত মেঘালয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই মিলিত হৈ শান্তিপ্ৰিয় ৰাইজ নিদ্ৰা হৰণ কৰিব সেয়াও একপ্ৰকাৰ সকলো পক্ষই আশংকা কৰিছে । শালবাৰীগাঁৱৰ লোকে মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ ভিতৰৰ চামিল হ'বলৈ অমান্তি হোৱাৰ বাবে অসমবিদ্বেষী চক্ৰটোৱে দীৰ্ঘদিন ধৰি অসমীয়া লোকক শাৰীৰিক আৰু মানসিক নিৰ্যাতন পৰ্যন্ত চলাই আহিছে ।