”চৰকাৰৰ মতে বসন্ত নাহে, গছত ফুল নুফুলে, চৰকাৰৰ মতে বিহুও নচলে”- মহেন্দ্ৰ হাজৰিকা…

”চৰকাৰৰ মতে বসন্ত নাহে, গছত ফুল নুফুলে, চৰকাৰৰ মতে বিহুও নচলে”- মহেন্দ্ৰ হাজৰিকা…

author-image
asomiyapratidin
New Update
”চৰকাৰৰ মতে বসন্ত নাহে, গছত ফুল নুফুলে, চৰকাৰৰ মতে বিহুও নচলে”- মহেন্দ্ৰ হাজৰিকা…

ডিজিটেল ডেস্কঃ চৰকাৰৰ মতে বসন্ত নাহে। চৰকাৰৰ মতে বিহু নচলে। গতিকে অসমীয়াই বিহু পাতিবই। এই মন্তব্য বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিহুৰ ৭ টা দিনতেই বিহুৰ অনুষ্ঠান শেষ কৰিব লাগে বুলি ধাৰাবাহিক ভাৱে মন্তব্য কৰি অহাৰ সময়তে মহেন্দ্ৰ হাজৰিকাৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্যে যে কোভিডৰ বাবে বিগত দুটাকৈ বছৰত ৰাজ্যৰ শিল্পীসকলৰ অৱস্থা জুৰুলা হৈ পৰিছে। বহাগৰ মাহটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুৰ লগত জড়িত কৰৈ অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন, নৃত্য প্ৰদৰ্শন আদিৰ কৰিয়েই উপাৰ্জন কৰা গৰিষ্ঠ সংখ্যক শিল্পীৰ যোৱা দুটা বছৰত অৱস্থা অতি পুতৌজনক হৈ পৰিছে।

ক্লিক কৰি পঢ়কঃনগাৱত ভয়াবহ পথ দুৰ্ঘটনাঃ শিশুসহ ৭ জন আহত

এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৭ দিনৰ ভিতৰত বিহুৰ অনুষ্ঠান শেষ কৰিব লাগে বুলি বাৰে বাৰে কৰি অহা আহ্বানে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে বুধবাৰে ৰাজ্যৰ জ্যেষ্ঠ সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাই মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মন্তব্যক এক প্ৰকাৰে প্ৰত্যাহ্বান জনাইছে।

শিল্পী মহেন্দ্ৰ হাজৰিকাই এক অনুষ্ঠানত সাংবাদিকৰ আগত কয় যে, "চৰকাৰৰ মতে বসন্ত অহা নাই। চৰকাৰৰ মতে বিহু নচলে। চৰকাৰৰ মতে গছত ফুল নুফুলে, ফল নালাগে। নিজৰ মতে লাগে। বিহু হ'ল প্ৰকৃতিৰ স্বকীয়। বিহু অসমীয়াৰ প্ৰাণৰ স্পন্দন। বৰষুণ, বাৰিষাৰ মাজতো বিহু হ'ব, খৰালিও বিহু হ'ব। অৰঙে-দৰঙে অসমত সবতে বিহু হ'বই।"

ইয়াৰ উপৰিও তেওঁ প্ৰশ্ন কৰি কয় যে, ভাদ মাহৰ ভৰা বানপানীত বা কাতি মাহৰ খৰাঙত ৰজা ঘৰৰ ডাঙৰ মিটিঙত ৰজাঘৰীয়াক আদৰিবলৈ বিহু কিয় মাৰে? তেওঁলোকে অবতৰত বিহু কিয় মাৰে?কোনোবা এজন পুঁজিপতি আহিলে অসমৰ বিহু দেখুৱাবলৈ বিহু মাৰে কিয়?' বতৰত অসমীয়াই বছৰটো বিহু মাৰিব পাৰে। কাৰো নিৰ্দেশত বিহু নচলে।"

আনহাতে বিহুৱে পূৰ্বৰে পৰা নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বুলি উল্লেখ কৰি তেওঁ বৃটিছৰ সময়ছোৱাৰ এক ঘটনাক উনুকিয়াই। তেওঁ কয় যে, বৃটিছক দৰ্খাস্ত দি নগাঁৱৰ এটা বিহু দলে বিহু নিষিদ্ধকৰণৰ পৰা মুক্ত কৰিছিল। বিহুৱাৰ আবেদন শুনি বৃটিছে বিহু নিষিদ্ধকৰণৰ পৰা মুক্ত কৰিছিল। বৃটিছে প্ৰথমে বিহুক এডাল্ট কালচাৰ বুলি ভাবিছিল। কিন্তু বৃটিছৰ এই ধাৰণাক প্ৰত্যাহ্বান জনাই নগাঁৱৰ বিহু দলে বিহু মাৰি দেখুৱাইছিল।'