ডিজিটেল সংবাদ বেবেজীয়াঃ পেট্ৰল, ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু আন সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে নগাঁৱৰ কৃষ্ণাইখাটত সৰৱ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতি । কৃষক মুক্তিৰ কৰ্মীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী হায় হায় , অসম চৰকাৰ হায় হায় , যোগান মন্ত্ৰী মূৰ্দাবাদ আদি ধ্বনি দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলা সমিতিয়ে মূল্যবৃদ্ধিৰ প্ৰতিবাদত কৃষ্ণাইখাটত প্ৰতিবাদী কাৰ্যসূচী তীব্ৰতৰ কৰি তোলে ৷
প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধিৰ ৰোধ কৰাত চৰকাৰে শক্তিশালী পদক্ষেপ নোলোৱাত চৰকাৰক কঠোৰ সমালোচনা কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লগান দি ৰাজপথ উত্তাল কৰি তোলে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলা সমিতিৰ সাধাৰন সম্পাদক জিতেন বৰাৰ নেতৃত্বত কৃষক মুক্তিৰ সদস্যসকলে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰে ।