খাংদং প্ৰকল্পৰ অঘটন নিপকোৰ গাফিলতিৰ ফল ! তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ…

খাংদং প্ৰকল্পৰ অঘটন নিপকোৰ গাফিলতিৰ ফল ! তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ…

author-image
asomiyapratidin
New Update
খাংদং প্ৰকল্পৰ অঘটন নিপকোৰ গাফিলতিৰ ফল ! তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ…

ডিজিটেল ডেস্কঃ ডিমা হাছাও জিলাৰ উমাৰাংচুস্থিত নিপকোৰ খাংদং জলবিদ্যুৎ প্ৰকল্পত ২৬ মাৰ্চত সংঘটিত জল বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্ত কৰিব। কেৱল সেয়ে নহয়, অসম তথা উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যত থকা নিপকোৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত সকলোবোৰ জলবিদ্যুৎ প্ৰকল্পত সংঘনাই সংঘটিত এনে ধৰণৰ দুৰ্ঘটনা সন্দৰ্ভতো বিস্তৃতভাৱে চলোৱা হ'ব তদন্ত।

Advertisment

এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় জল আয়োগ আৰু শক্তি দপ্তৰে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে কেন্দ্ৰীয় শক্তি দপ্তৰৰ এনে স্থিতিয়ে শংকিত কৰি তুলিছে শেহতীয়াকৈ খাংদাং প্ৰকল্পত কৰ্মৰত বিষয়াৰ লগতে নিপকোৰ খুদ চি এম ডিৰ কাৰ্যালয়তো হাহাকাৰ লাগিছে।

ক্লিক কৰি পঢ়কঃআৰক্ষীৰ অভিযানত জব্দ নগদ ৪ কোটি টকা…

উল্লেখ কৰাৰ প্ৰয়োজন যে, ২০১৯ত কপিলি প্ৰকল্পত একেধৰণৰ ঘটনা সংঘটিত হৈ অভিযন্তাসহ ৪ জনৰ মৃত্যু হৈছিল। সেই দৰে অসম-অৰুণাচলৰ নামনিত থকা ৪০৫ মেগাৱটৰ ৰঙানদী প্ৰকল্পটো কিছু বছৰ পূৰ্বে টানেল ফুটি পানী বোৱাৰ বাবে হঠাতে কেইবাখনো ছ্লুইছ গেট খুলি দিবলগা হোৱাত লখিমপুৰত দলঙ, ঘাইপথ চিঙাৰ উপৰিও পানীৰ ঢলে বহু লোকক উটুৱাই নিছিল।

তেতিয়াৰ ৰাজ্য চৰকাৰে নিপকোৰ এনে অৱহেলা সন্দৰ্ভত তদন্ত চলোৱাৰ বাবে কেন্দ্ৰক অৱগত কৰিছিল যদিও ইয়াৰ কোনো ব্যৱস্থা লোৱা নহ'ল। শেহতীয়াকৈ খাংদং প্ৰকল্পৰ মেৰামতিৰ বাবে ৪ মাহে উক্ত প্ৰকল্পৰ উৎপাদন বন্ধ ৰাখি অতি দায়িত্বহীনতাৰে তেনেই লেহেমিয়া গতিৰে মেৰামতি কাৰ্য চলাই থকাৰ বাবেই উপৰিভাগত থকা ৰিজাৰ্ভাৰত বিশাল পৰিমাণৰ পানি জমা হৈছিল।

তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এনে মেৰামতিৰ সময়ত ইনটেক পইণ্টত থকা ছ্লুইছ গেট সম্পূৰ্ণ বন্ধ ৰাখিব লাগে যদিও প্ৰকল্পটোৰ মূৰব্বীগৰাকীৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই এই কাম কৰা হোৱা নাছিল। যাৰ ফলত ৰিজাৰ্ভাৰৰ পৰা হঠাতে পাৱাৰ হাউচ পৰ্যন্ত বিশাল জলৰাশি সোমাই আহি প্ৰলয়ৰ সৃষ্টি কৰে আৰু ২ গৰাকী অভিযন্তাসহ ভালেকেইজন লোকক বহু দূৰলৈকে উটুৱাই লৈ যায়।

ক্লিক কৰি পঢ়কঃমূৰটো গুজিবলৈ এটাই মাত্ৰ সৰু জুপুৰী সেইটোও ভাঙি থৈ গ'ল ধুমুহাইঃ ৩ সন্তানলৈ ক'লৈ যাব বিধৱা মহিলা…

পানীৰ ঢল আৰু উভালি পৰা গছৰ মাজেৰে বৈ যোৱা এই দুজন অভিযন্তাসহ এগৰাকী অস্থায়ী কৰ্মচাৰীয়ে ঘটনাটোত প্ৰাণ হেৰুৱাব লগাত পৰাৰ উপৰিও বিস্তৰ ক্ষতি-সাধন হয় যদিও প্ৰকল্পৰ দায়িত্বত থকা মুখ্য অভিয়ন্তাগৰাকীয়ে সমগ্ৰ ঘটনাক সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰখাৰ চেষ্টাত হে ব্যস্ত হৈ পৰে।

তেওঁক এক কাৰ্যত উৎসাহিত কৰে নিপকোৰ স্বয়ং চি এম ডি ভি কে সিঙে। সিঙৰ কাৰ্যকাল প্ৰায় অন্ত পৰিছে যদিও এইয়া বৃদ্ধি কৰাৰ বাবে তেওঁ লাগি থকা সময়তে খাংদাঙৰ অঘটন সংঘটিত হৈছিল। সেয়হে এই ক্ষেত্ৰত নিজৰ ব্যৰ্থতা ধাকিবলৈহে তেওঁ উঠিপৰি লাগিছিল। কপিলি প্ৰকল্পৰ ক্ষেত্ৰত নিপকোৰ গাফিলতি আৰু প্ৰকৃত ঘটনাৰ তথ্য যাতে পোহৰলৈ নাহে তাৰ বাবে এই বিষয়ে সংবাদ মাধ্যমক কোনো তথ্য সদৰী নকৰিবলৈ আৰু বাহিৰৰ কোনো লোক যাতে প্ৰকল্পৰ আভ্যন্তৰলৈ যাব নোৱাৰে তেনে ব্যৱস্থা লোৱাৰ বাবেও খাংদাঙত থকা বিষয়া বৰ্গক নিৰ্দেশ দিয়া বুলিও অভিযোগ উঠিছে। সেয়েহে কপিলি প্ৰকল্পৰ অঘটনসমূহৰ সমস্ত দিশ পুংখানুপুংখভাৱে যাতে পৰীক্ষা কৰা হয় এই ক্ষেত্ৰত ৰাজ্য চৰকাৰকো বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলোৱে দাবী জনাইছে।