শিক্ষা বিভাগত নহয় কি? নিজেই বি এড ডিগ্ৰী ল'বলৈ পঠোৱা শিক্ষকৰ বি এড ডিগ্ৰীকেই কৰিছে অবৈধ ঘোষণা। শিক্ষা বিভাগৰ নিৰ্দেশনা হৈছে ঘনে ঘনে সলনি। সত্য কি? অসমীয়া প্ৰতিদিন ডিজিটেলৰ এন অনুসন্ধানমূলক প্ৰতিবেদন।
বি এড ডিগ্ৰীৰ নামত চৰকাৰী পৃষ্ঠপোষকতাতে একাংশ শিক্ষকক নাগুৰ-নাকোটি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। শেহতীয়াকৈ ১৮ খন বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বি এড ডিগ্ৰী ভুৱা বুলি সেই শিক্ষকসকলক নিযু্ক্তি সম্ভৱ নহয় বুলি এক নিৰ্দেশনা জাৰি কৰিছিল শিক্ষা বিভাগে। ৬ আগষ্ট, ২০২১ত শিক্ষা বিভাগৰ যুটিয়া সঞ্চালক আৰ ৰম্পিয়ে প্ৰেৰণ কৰা নিৰ্দেশ নম্বৰ ডি এছ ই/ এছ এছ বি/ এইছ এম/ পেণ্ডিং/ ১৬২/২০২০/১৯৬ যোগে ১৮ জন শিক্ষকক প্ৰধানশিক্ষক ৰূপে স্থায়ী নিযুক্তি সম্ভৱ নহয় বুলি উল্লেখ কৰিছে।
চৰকাৰী চিঠি ৰেফাৰেন্স নং এ এছ ই ৩৬১/২০১৯/Vol-II/920 তাং২৬-০৭-২০২১ৰ আধাৰত ১১ খন জিলাৰ স্কুল পৰিদৰ্শকলৈ এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। যি নিৰ্দেশত কোৱা হৈছে যে এই ১৮ জন প্ৰধান শিক্ষকক তেওঁলোকৰ বি এড ডিগ্ৰী গ্ৰহণযোগ্য নোহোৱাৰ বাবে পদোন্নতি সম্ভৱ নহয়।
এইখিনিতে মন কৰিবলগীয়া যে, একেটা শিক্ষা বিভাগৰ সঞ্চালকে ২০২০ ৰ ১ ফেব্ৰুৱাৰীত নিৰ্দেশ নম্বৰ ডি এছ ই/ এছ এছ বি/ এইছ এম/ পেণ্ডিং/ ১৬২/২০২০/২৪ যোগে এই ১৮ জন শিক্ষকৰ বি এড ডিগ্ৰী চৰকাৰী নীতি অনুসৰি গ্ৰহণযোগ্য হয় বুলি জনাইছিল বিভাগটোৰ আয়ুক্তক। সেই চৰকাৰী পত্ৰত শিক্ষা বিভাগৰ সঞ্চালক গৰাকীয়ে ১৮ জন ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বি এড ডিগ্ৰী গ্ৰহণযোগ্য বুলি স্পষ্ট কৈ উল্লেখ কৰিছে।
উল্লেখযোগ্য যে প্ৰায় কেইগৰাকী শিক্ষকে চৰকাৰী নীতি অনুসৰি ডেপুটেচনত গৈ বি এড ডিগ্ৰী গ্ৰহণ কৰিছিল। ২০১৯ চনত প্ৰণয়ন কৰা এন চি টি ই সংশোধনী আইন অনুসৰি এই শিক্ষকসকলে বি এড ডিগ্ৰী গ্ৰহণ কৰিছিল। কিন্তু শেহতীয়াকৈ শিক্ষা বিভাগে ভাৰপ্ৰাপ্ত এই প্ৰধান শিক্ষকসকলক লৈ গ্ৰহণ কৰা স্থিতিয়ে আচৰিত কৰি তুলিছে শিক্ষকসকলক।
বি এড ডিগ্ৰীধাৰী এজন শিক্ষক হ'ল পৰেশ শৰ্মা। যিগৰাকী শিক্ষকৰ বি এড ডিগ্ৰীৰ গ্ৰহণযোগ্যতাক লৈ শিক্ষাবিভাগে প্ৰশ্ন উত্থাপন কৰিছে এই শিক্ষকগৰাকীয়ে ১৯৯৬-৯৭ বৰ্ষত মহানগৰীৰ লাচিত নগৰত থকা বাণীকান্ত কলেজ অফ টিচাৰ এড্যুকেচনৰ পৰা বি এড ডিগ্ৰী গ্ৰহণ কৰিছিল। তেওঁক BC/CER/BT/6778 নম্বৰত ১৯৯৮ চনত ১০ জানুৱাৰীত বি এড ডিগ্ৰী গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ দিয়া হৈছিল। ৩১.১২.১৯৯৭ চনত ফলাফল ঘোষণা কৰিছিল। গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা প্ৰদান কৰা মাৰ্কশ্বিটত মুঠ ৭০০ নম্বৰৰ ভিতৰত ৩৪৪ নম্বৰলৈ শিক্ষকগৰাকীৰয়ে বি এডত উত্তীৰ্ণ হোৱা বুলি উল্লেখ কৰা হৈছে।
এনেদৰে শিক্ষকসকলে চৰকাৰী ডেপুটেচনত গৈ ছুটি লৈ বি এড ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতো তেওঁলোকৰ ডিগ্ৰীসমূহ ভুৱা বুলি আৰু ইয়াৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰাত আচৰিত হৈ পৰিছে শিক্ষকসকল। উল্লেখযোগ্য যে এই শিক্ষকসকলে শিক্ষাবিভাগৰ এনে নীতিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ে কেচ নং WP (C245/2020) শুনানি গ্ৰহণ কৰি দিয়া ৰায়দানত এই বি এড ডিগ্ৰী আইনৰ দৃষ্টি কোণেৰে গ্ৰহণযোগ্য বুলি ৰায় প্ৰদান কৰিছিল। কিন্তু শিক্ষা বিভাগে ন্যায়ালয়ৰ এই ৰায়কো বুঢ়া আঙুলি প্ৰদৰ্শন কৰি ৰহস্য জনক কাৰণত তেওঁলোকক পদোন্নতি দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে।
বি এডৰ ডিগ্ৰী সন্দেহজনক বা গ্ৰহণযোগ্য নহয় বুলি তালিকাভুক্ত কৰা মিলন হাইস্কুল, নলবাৰীৰ ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষক ৰমেন্দ্ৰনাথ শৰ্মাই ১৯৯৭-৯৮ বৰ্ষত বানীকান্ত শিক্ষা প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰাই বি এড ডিগ্ৰী গ্ৰহণ কৰিছিল। এইগৰাকী শিক্ষককো বিভাগটোৱে তেওঁৰ বি এড ডিগ্ৰী গ্ৰহণযোগ্য নহয় বুলি তালিকাভুক্ত কৰাত তেওঁ অবাক হৈ পৰিছে।
অনুৰুপ ধৰণে কাৰ্তিক শৰ্মা নামৰ শিক্ষকগৰাকীৰো বি এড ডিগ্ৰী গ্ৰহণযোগ্য নহয় বুলি শিক্ষাবিভাগে তালিকাপ্ৰকাশ কৰিছে। অথচ এইগৰাকী শিক্ষককো বি এড ডিগ্ৰী গ্ৰহণ কৰিবৰ বাবে চৰকাৰী নিৰ্দেশ যোগে নিৰ্দিষ্ট শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰলৈ পঠোৱা হৈছিল। নলবাৰী সিদ্ধি শৰ্মা ছোৱালী হাইস্কুলৰ শিক্ষকগৰাকীৰ ১.১১.৯৯ ৰ পৰা ১.১১.২০০২ লৈ বি এড ডিগ্ৰীৰ বাবে নলবাৰী স্কুল পৰিদৰ্শকে বিদ্যালয়ৰ পৰা ৰিলিজ কৰি দিছিল।
মঙ্গলদৈ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত বি এড ডিগ্ৰী গ্ৰহণ কৰিছিল তেওঁ। তাৰ পাছতো তেওঁৰ বি এড ডিগ্ৰীৰ গ্ৰহণযোগ্যতাক লৈ চৰকাৰে প্ৰশ্ন উত্থাপন কৰাত এই শিক্ষকসকল মানসিকভাৱে ভাঙি পৰিছে।
এতিয়া প্ৰশ্ন হয় প্ৰধান শিক্ষক পদৰ এই প্ৰাৰ্থীসকল তেওঁলকে বি এড ডিগ্ৰী গ্ৰহণ কৰা কলেজ সমূহৰ NCET এপ্ৰভ নথকা বুলি চৰকাৰে তেওঁলোকৰ বি এড ডিগ্ৰী গ্ৰহণ নকৰা ৰ বাবে দায়ী কোন? যদি সেই এপ্ৰভ নাছিল তেনেহ'লে কিয় তাত তেওঁলোকক পঢ়িবলৈ পঠিওৱা হৈছিল।
চৰকাৰে ডেপুটেচনত নিৰ্ধাৰণ কৰি দিয়া মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম শেষ কৰি তেওঁলোকে পুনৰ বিদ্যালয়ত যোগদান কৰিছিল। কোনো চৰকাৰী বি এড কলেজে এন চি টি ই এপ্ৰভেলৰ বাবে সময়মতে আৱেদন নকৰাটো এই শিক্ষকসকলৰ ভুল নে সেই প্ৰতিষ্ঠানসমূহৰ কৰ্তৃপক্ষৰ ভুল? দ্বিতীয়তে ইমান দিনে আজি অবৈধ বুলি ঘোষণা কৰা এই শিক্ষকসকলক বি এড ডিগ্ৰীৰ বাবে কিয় অতিৰিক্ত ইনক্ৰিমেণ্ট দিয়া হৈছিল? ১৮ জন শিক্ষকৰ কেইবাজনকো সহকাৰী প্ৰধান শিক্ষক হিচপে নিযুক্তি দিয়া হৈছিল। শিক্ষাবিভাগে জনা উচিত যে ২০১৭ৰ ৩১ মাৰ্চলৈকে এন ই চি টি এপ্ৰভেলৰ বাবে সময় বৃদ্ধি কৰা হৈছিল। এই শিক্ষকসকলে উক্ত প্ৰতিষ্ঠানসমূহৰ পৰা ইয়াৰ পূৰ্বে বি এড ডিগ্ৰী গ্ৰহণ কৰিছিল।
কেইজনমান শিক্ষকক বলিৰ পঠা সজাই অবৈধ বি এড ডিগ্ৰীধাৰী বুলি নিজা উদ্যোগতে চৰকাৰী শিক্ষক প্ৰশিক্ষণ মাহিবদ্যালয়ত পঢ়োৱাই অনা শিক্ষকক লৈ এনেদৰে বিভাগটোৱে আৰু কিমান দিন ল'ৰা ধেমালি কৰিব? এই বিষয়টো অচিৰেই সমাধান কৰি শিক্ষকসকলক ন্যায় প্ৰদানৰ বাবে দাবী তুলিছে হাইস্কুল শিক্ষক সন্থাই।