অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা আৰক্ষীৰ পৰিয়াললৈ ৫০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা আৰক্ষীৰ পৰিয়াললৈ ৫০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

author-image
asomiyapratidin
New Update
অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা আৰক্ষীৰ পৰিয়াললৈ ৫০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা সংঘৰ্ষত নিহত অসম আৰক্ষীৰ জোৱানসকলৰ পৰিয়ালক ৰাজ্য চৰকাৰে ৫০ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব। সোমবাৰে সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হোৱা ঘটনাৰ পাছত পৰিস্থিতিৰ বুজ লবলৈ কাছাৰত উপস্থিত হয় গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী শৰ্মাই শ্বহীদ জোৱানসকলক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

Advertisment

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত অসম আৰক্ষীৰ আইন শৃংখলাৰ দায়িত্বত থকা বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙেও এই সংঘৰ্ষত নিহত ৬ আৰক্ষী বিষয়া, জোৱানক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলে।উক্ত ঘটনাত আহত কাছাৰ জিলাৰ আৰক্ষীৰ অধীক্ষক গৰাকীক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সৰে মহাৰাষ্ট্ৰলৈ নিয়াৰ কথাও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, মিজোৰ দুৰ্বৃতৰ লগতে ৰাজ্যখনৰ আৰক্ষীয়েও এল এম জি তথা আন অত্যাধুনিক মৰানাস্ত্ৰৰে এই আক্ৰমণ সংঘটিত কৰিছিল। পাহাৰৰ ওপৰৰ পৰা চলোৱা এনে আক্ৰমণক গৰিহণা দি মুখ্যমন্ত্ৰীয়ে যিকোনো মূল্যৰ বিনিময়ত অসমৰ ভূমি সুৰক্ষিত কৰিব বুলি আশ্বাস দিয়ে। আসমৰ ১ ইঞ্চি মাটিও এৰি নিদিয়ে বুলি জানিবলৈ দি তেওঁ কয়, নিজ দেশৰ নাগৰিকৰ ওপৰত এনে বৰ বৰ আক্ৰমণ চলোৱাতো অতি পৰিতাপৰ কথা।

এই আক্ৰমণত মৃত্যু হোৱা আৰক্ষী লোকসকলৰ পৰিয়ালক চৰকাৰী চাকৰি, আহত সকলক ১ লাখকৈ টকা প্ৰদান কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। লগতে তেওঁ অসম মিজোৰাম সীমান্তবৰ্তী অঞ্চলত নিয়োজিত অসম আৰক্ষীৰ লোকসকলে এমাহৰ অতিৰিক্ত দৰমহাও লাভ কৰিব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে আৱৰ্তভৱনত সাংবাদিকৰ মুখামুখি হোৱাৰ পূৰ্বে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ গৈ তাত চিকিৎসাধীন হৈ থকা জোৱান সকলৰো খবৰ লয়।

মুখ্যমন্ত্ৰী শৰ্মাই মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ নিৰ্দেশনা মানি শান্তিপূৰ্ণ ভাৱে আলাপ আলোচনাৰ মাধ্যমেৰে এই সীমা বিবাদ সমাধানৰ প্ৰস্তুাৱ দিয়ে। প্ৰয়োজনত তেওঁ আইজলৈ যাবৰ বাবে প্ৰস্তুত বুলি কয়। ইফালে সাধাৰণ মিজো লোকৰ হাতলৈ কেনেদৰে মৰনাস্ত্ৰ আহিল সেই বিষয়টো তেওঁ তদন্ত কৰিবলৈ দাবী কৰিলে।

এনেধৰণৰ ঘটনা শত্ৰু ৰাষ্ট্ৰৰ লগত হে সংঘটিত হয় বুলি মন্তব্য কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিছে বুলি জানিবলৈ দিয়ে। এইয়া অসমীয়া আৰু মিজো লোকৰ সংঘাট নহয় বুলি স্পষ্ট কৰি দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মানি অসম চৰকাৰে কাম কৰি যাব। ৰাজ্য চৰকাৰে বিষয়টোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব বুল সদৰী কৰিলে তেওঁ।

মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ অভাবৰ বাবেই সোমবাৰে এই ঘটনা সংঘটিত হল। ৰাজ্য চৰকাৰে অসম মিজোৰাম সীমান্তবৰ্তী অঞ্চলত ৩ টাকৈ অতিৰিক্ত বেটেলিয়ান মোতায়েন কৰা বুলি তেওঁ জানিবলৈ দিয়ে।