অসম
হাৰিয়ানাত উদ্ধাৰ অসমৰ যুৱতী
- হাৰিয়ানাত উদ্ধাৰ অসমৰ যুৱতী।
- বিয়াৰ প্ৰলোভন দি অপহৰণ কৰিছিল আৰিফা খাতুন নামৰ যুৱতী গৰাকীক।
- দুই লাখ টকাৰ বিনিময়ত বিক্ৰী কৰি চমজাই দিছিল দুজনীয়া দুষ্কৃতিকাৰী দলে।
- দক্ষিণ শালমাৰাৰ যুৱতী গৰাকীক ফকিৰগঞ্জ আৰক্ষীয়ে যোৱা নিশা উদ্ধাৰ কৰে হাৰিয়ানাৰ পৰা।
- ঘটনা সন্দৰ্ভত এতিয়ালৈ কাকো গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই।
- ইয়াৰ পূৰ্বেও দক্ষিণ শালমাৰাৰ পৰা বহু যুৱতী,কিশোৰীক এইদৰে বিয়াৰ প্ৰলোভন দি বিহাৰ, হাৰিয়ানা, দিল্লীত, পশ্চিম বংগত বিক্ৰী কৰিছিল।