যাত্ৰীক অচেতন কৰি গাড়ীৰ চালকে লুটি নিলে নগদ ধন, সোণৰ আ-অলংকাৰ

যাত্ৰীক অচেতন কৰি গাড়ীৰ চালকে লুটি নিলে নগদ ধন, সোণৰ আ-অলংকাৰ

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ, দৌলাশালঃ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। অৰুণাচলৰ ইটানগৰত কৰ্মৰত নলবাৰীৰ মুকালমুৱাৰ যুৱকৰ পৰা নগদ ধন আৰু সোণৰ আ-অলংকাৰ লুটি নিছে দুৰ্বৃত্তই ৷ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ১নং কাপলাবড়ি (ৰংচোৱা) গাঁৱৰ ঋতু বৰ্মনক অচেতন কৰি এই ডকাইতিৰ ঘটনা সংঘটিত কৰিছে ৷

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি অৰুণাচলৰ ইটানগৰত কৰ্মৰত ঋতু বৰ্মনে দেওবাৰে নিশা ইটানগৰৰ পৰা নৈশ বাছেৰে মুকালমুৱাৰ ৰংচোৱা গাঁৱৰ নিজ ঘৰলৈ বুলি আহি আছিল ৷ পুৱতি নিশা ঋতুৱে গুৱাহাটী আইএছবিটি বাছ আস্থান আহি পায় ৷ বাছস্থানত পূৰ্বৰে পৰা ৰৈ থকা চাৰিচকীয়া বাহনৰ চালক এগৰাকীয়ে ঋতুক ক'লৈ যাব বুলি সোধাত ঋতুৱে ৰামপুৰ-দৌলাশাল যাম বুলি কোৱাৰ লগে লগে চালকজনে গাড়ী বৰপেটালৈ যাব বুলি কয় ৷ জানিব পৰা মতে চালকজনে এইবুলিও কয় যে- বৰপেটালৈ যোৱা ৩জন যাত্ৰী ইতিমধ্যে হৈছে আৰু এগৰাকী হ'লে চালকজনে যাত্ৰা আৰম্ভ কৰিব ৷ ঋতুৱে চালকজনৰ কথাত পতিয়ন গৈ গাড়ীত বহি লোৱাত চালকজনে ঋতুসহ ৪জন যাত্ৰী লৈ যাত্ৰা আৰম্ভ কৰে ৷

আইএছবিটিৰ পৰা কিছু দূৰ আহি আমিনগাঁৱৰ কোনো এখন চাহ দোকানত চাহ খাবলৈ নামি যায় চালকজনে ৷ চালকজনে চাহ খায় বাহনখনত থকা আন ৩গৰাকীলৈও চাহ লৈ আহে আৰু তেওঁলোকক খাবলৈ দিয়ে ৷ ইয়াৰ পাছতে চাহ খোৱাৰ ঠিক কিছু সময়ৰ পিছতে ঋতু অচেতন হৈ পৰে ৷ পুৱা ৮ মান বজাত ঋতু নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত সতীৰকুৰত অচেতন অৱস্থাত পথৰ দাঁতিত পৰি থকা খবৰ লাভ কৰে পৰিয়ালৰ লোকে ৷

স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত পৰিয়ালৰ লোক উপস্থিত হৈ ঋতুক অচেতন অৱস্থাত উদ্ধাৰ কৰি ততাতয়াকৈ নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় ৷ চিকিৎসালয়ত ঋতুৰ সংজ্ঞা উভতি অহাত ভয়ংকৰ ডকাইটিৰ ঘটনাটো পোহৰলৈ আহে ৷ দুৰ্বৃত্তই চাহৰ লগত নিচাজাতীয় দ্ৰব্য মিহলাই ঋতুক খাবলৈ দিয়াৰ পিছতে তেওঁ সংজ্ঞাহীন হৈ পৰে বুলি সন্দেহ কৰা হৈছে ৷ জানিব পৰা মতে দুৰ্বৃত্তৰ দলটিয়ে ঋতুৰ শৰীৰৰ পৰা সোণৰ চেইন, সোণৰ আঙুঠিকে ধৰি নগদ প্ৰায় ১,৩০,০০০ টকা লুট কৰি নিয়ে ৷

উল্লেখ্য যে, ইটানগৰত লেবৰেটৰী আৰু ফাৰ্মাচীৰ ব্যৱসায় কৰি অহা ঋতুৱে গুৱাহাটীৰ পৰা ইটানগৰলৈ কিছু ঔষধ ক্ৰয় কৰি নিয়াৰ বাবে নগদ ধনৰাশি ইটানগৰৰ পৰা লগত লৈ আহিছিল ৷ হাট-ভৰিত আঘাতপ্ৰাপ্ত ঋতুৱে সম্প্ৰতি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ বিগত ১৮ বছৰে ১নং কাপলাবড়িৰ ঋতু বৰ্মনে অৰুণাচলৰ ইটানগৰত লেবৰেটৰী আৰু ফাৰ্মাচীৰ ব্যৱসায় কৰি আহিছে ৷

Also Read: চিকিৎসালয়ৰ ভূমি বেদখলকাৰীক উচ্ছেদৰ দাবীত মহকুমাধিপতিক স্মাৰকপত্ৰ

Assam police