প্ৰতীকি ফটো
Published on:
Updated on:
- ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত।
- ২১টা ভোট লাভ কৰি সভাপতি ৰূপে নিৰ্বাচিত হ'ল ৰমেন দত্ত।
- পৰাস্ত হ'ল বৰ্তমানৰ সাধাৰণ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই।
- মাত্ৰ ৯টা ভোটহে লাভ কৰে প্ৰদীপ বুঢ়াগোহাঁয়ে।
- উপ–সভাপতি ৰূপে নিৰ্বাচিত হ'ল পৰীক্ষিত দত্ত।
- পৰীক্ষিত দত্তই লাভ কৰে ২৪টা ভোট।
- উপ–সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰীতম কোঁৱৰে লাভ কৰে ছটা ভোট।
- কোষাধ্যক্ষ ৰূপে নিৰ্বাচিত হ'ল ত্ৰিদিৱ কোঁৱৰ।
- তেওঁ লাভ কৰে ১৯টা ভোট।
- ইফালে তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰকাশ ডেকাই লাভ কৰে ১১টা ভোট।
- সাধাৰণ সম্পাদক ৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল দেৱজিত দত্ত।
- যুটীয়া সম্পাদক ৰূপে কামাখ্যা শইকীয়া, এপেক্স কাউন্সিলৰ সদস্য ৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল চাইবল সেনগুপ্তা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in