/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/HIMANTA-BISWA-SARMA.jpg)
ডিজিটেল ডেস্কঃ মঙ্গলবাৰে ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্যৰ মুঠ ৩৩ খন জিলাৰ উপায়ুক্ত উপস্থিত থকাৰ লগতে ৰাজ্য প্ৰশাসনৰ বহু কেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত আছে। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই বৈঠক নিশা ৮-৪৫ বজালৈ চলিব বুলি জানিব পৰা গৈছে।
ক্লিক কৰি পঢ়কঃ দৈনিক মজুৰী ৫০০, খাদ্যৰ বাবে প্ৰয়োজন ২৫০০ ! শ্ৰীলংকা এৰি ভাৰতলৈ আগমন শৰনাৰ্থীৰ…
উল্লেখ্যে যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতেওঁ আলোচনাত মিলিত হৈছিল। তাৰ পূৰ্বে ৰাজ্যৰ প্ৰতিখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড০ শৰ্মা।