মিজোৰাম আৰক্ষীয়ে গোচৰ ৰুজু কৰাক লৈ সুখী হিমন্ত বিশ্ব শৰ্মা, পদব্ৰজে যাব মিজোৰামলৈঃ আলোচনাৰ মাধ্যমেৰে সীমা বিবাদ দূৰ কৰিবলৈ প্ৰস্তুত জোৰমথাংগা

মিজোৰাম আৰক্ষীয়ে গোচৰ ৰুজু কৰাক লৈ সুখী হিমন্ত বিশ্ব শৰ্মা, পদব্ৰজে যাব মিজোৰামলৈঃ আলোচনাৰ মাধ্যমেৰে সীমা বিবাদ দূৰ কৰিবলৈ প্ৰস্তুত জোৰমথাংগা

author-image
asomiyapratidin
New Update
মিজোৰাম আৰক্ষীয়ে গোচৰ ৰুজু কৰাক লৈ সুখী হিমন্ত বিশ্ব শৰ্মা, পদব্ৰজে যাব মিজোৰামলৈঃ আলোচনাৰ মাধ্যমেৰে সীমা বিবাদ দূৰ কৰিবলৈ প্ৰস্তুত জোৰমথাংগা

ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিজোৰাম চৰকাৰে গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে দিছপুৰত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহত এক সংবাদ মেল সম্বোধন কৰি এই বিষয়ত কয়, মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাক লৈ মই সুখী। তদন্তত মই সহায় কৰিম। ইয়াৰ বাবে শিলচৰৰ পৰা পদব্ৰজে যাম।

Advertisment

ইয়াৰোপৰি তেওঁ কয় যে মিজোৰাম আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলেও তেওঁৰ আপত্তি নাই। তেওঁ কোনো কাৰণতে অগ্ৰিম জামিন নলয়। ৰাজ্যখনৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ দৰে ব্যৱস্থা গ্ৰহণৰো কোনো কথাই নাহে বুলিও মন্তব্য কৰিছে।

ইফালে অসম-মিজোৰাম সীমান্তৰ সমস্যাক কেন্দ্ৰ কৰি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰমথাংগাৰ লগত টেলিফোনিক আলোচনা অনুষ্ঠিত হৈছে। এই আলোচনাৰ অন্তত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰমথাংগাই আলোচনাৰ মাধ্যমেৰে আনাতঃৰাজ্যিক সীমা সমস্যা সমাধান কৰিবলৈ সন্মত হৈছে। তেওঁ মিজোৰামৰ লোকসকলক সামাজিক মাধ্যমত স্পৰ্শতাৰ বাৰ্তা শ্বেয়াৰ নকৰিবলৈও অনুৰোধ জনাইছে।

আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিজোৰামত গোচৰ ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ সাজু হৈছে মিজোৰাম চৰকাৰ। ৰাজ্যখনৰ মুখ্য সচিব লালনুনমাৱিয়া চুৱাংগোই এই বিষয়ে সদৰী কৰিছে। তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম এজাহাৰত সন্নিবিষ্ট কৰাৰ ক্ষেত্ৰত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰমথাংগাৰ কোনো অনুমোদন নাছিল বুলি উল্লেখ কৰিছে। আইনী বাধা নাথাকিলে এজাহাৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰত্যাহাৰ কৰিব বুলি তেওঁ লগতে উল্লেখ কৰিছে।