আলোচনা, বিতৰ্কৰ মাজতে স্বাক্ষৰ হ’ল অসম-মেঘালয়ৰ সীমা সমস্যাৰ বুজাবুজিৰ চুক্তি…

আলোচনা, বিতৰ্কৰ মাজতে স্বাক্ষৰ হ’ল অসম-মেঘালয়ৰ সীমা সমস্যাৰ বুজাবুজিৰ চুক্তি…

author-image
asomiyapratidin
New Update
অসম-মেঘালয় সীমা বিবাদৰ বাবে দ্বিতীয় পৰ্যায়ৰ আলোচনা হ’ব…

ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনা তথা কেইবাখনো বৈঠকৰ অন্তত অৱশেষত ২৯ মাৰ্চ শনিবাৰে অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ লক্ষ্যৰে সসম্পাদন কৰা হ'ল চুক্তি। নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই এই চুক্তিত স্বাক্ষৰ কৰে।

Advertisment

সুদীৰ্ঘ দিন ধৰি অসম আৰু মেঘালয়ৰ মাজত সীমা সমস্যাই গা কৰি থকাৰ লগতে বহু কেইটা সংঘাতৰ সৃষ্টি হৈছিল। এই সমস্যা সমাধানৰ লক্ষ্যৰে দুয়োৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিষয়া পৰ্যায়ত কেইবাখনো বৈঠক অনুষ্ঠিত হোৱাৰ লগতে সীমাবিবাদৰ উৎপত্তিস্থল ভ্ৰমণ কৰি সীমান্তৰ স্থানীয় ৰাইজৰ সৈতে মতবিনিময়ো কৰিছিল দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।

অৱশেষত শনিবাৰে দিল্লীত এই সীমা বিবাদ সমাধানৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিলে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। এই চুক্তি অনুসৰি সীমান্তৰ মুঠ ৬ টা স্থান ক্ৰমে তাৰাবাৰী, গিজাং, হাহিম, বাকলাপাৰা, খানাপাৰা, পিলিংকাটা, ৰাতাচেৰাকলৈ বুজাবুজিত উপনীত হৈছে। উল্লেখ্য যে এই দুই ৬ টা বিবাদিত স্থানত মুঠ ৩৬ খন গাওঁ আছে।

এই চুক্তি অনুসৰি অসম বিবাদমান এলেকাৰ ৩৬.৭৯ বৰ্গ কিলোমিটাৰ ভূমি অসমে লাভ কৰাৰ বিপৰীতে মেঘালয়ে লাভ কৰিব ১৮. ৫১ বৰ্গ কিলোমিটাৰ এলেকাৰ ভূমি। এই চুক্তি স্বাক্ষৰ কৰাৰ পিছতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী নৰেন্দ্র মোডী আৰু গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰিছে।

তেওঁ কয় যে, কংগ্ৰেছৰ শাসনকালত অসম-মেঘালয়ৰ সীমা সমস্যা দূৰ নহ'ল। দুই ৰাজ্যৰ সীমা সমস্যাৰ বাবে কংগ্ৰেছ দলেই জগৰীয়া। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰ সৈতেও অসমৰ সীমা সমস্যাক লৈ বিবাদ অব্যাহত আছে। সেই বিষয়ত ড০ শৰ্মাই কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ সৈতে থকা সীমা বিবাদো অতি শীঘ্ৰে সমাধান হ'ব।

তেওঁ কয়, ১৯৭২ চনৰ পৰা আজিলৈকে সীমা সমস্যা চলি আহিছিল। দুয়োৰাজ্যৰ মাজত মুঠ ১২ টা স্থানত বিবাদ চলি আছিল। ইয়াৰে ৬ টা বিবাদমান অঞ্চলৰ সমস্যা সমাধান হ'ল। লগতে তেওঁ আগন্তুক এপ্ৰিল মে'-মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অসমলৈ আমন্ত্ৰণ জনোৱা বুলিও নিজৰ বক্তব্যত প্ৰকাশ কৰে।

আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে, ১২ টা বিবাদিত অঞ্চলৰ ভিতৰত অসমৰ সৈতে ৬ টা স্থানৰ বিবাদ সমাধানৰ এক চুক্তিত উপনিত হৈছো। দুয়ো ৰাজ্যৰ অন্তৰ্ভুক্তিৰে ভাৰতীয় জৰীপৰ দ্বাৰা এক সমীক্ষা কৰা হ'বয ইয়াৰ পিছতে দুয়ো ৰাজ্যৰ প্ৰকৃত সীমা নিৰ্ধাৰণ কৰা হ'ব।

এই চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, আজি অসম আৰু মেঘালয়ৰ মাজত ৫০ বছৰ পুৰণি অমীমাংসিত সীমা বিবাদৰ সমাধান কৰা হৈছে। বিবাদৰ ১২ টা স্থানৰ ভিতৰত ৬ টা স্থানৰ সমস্যা সমাধান কৰা হৈছে, য'ত সীমাৰ প্ৰায় ৭০% অন্তৰ্ভুক্ত আছে। বাকী ৬ টা স্থানৰ সমস্যাও অতি সোনকালে সমাধান কৰা হ'ব।

লগতে তেওঁ কয়, ২০১৪ চনৰ পৰা, মোডীজীয়ে উত্তৰ-পূবৰ উন্নয়নৰ বাবে বহু প্ৰচেষ্টা চলাই আহিছে। আজি মই অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ দলসমূহক তেওঁলোকৰ সীমা বিবাদ সমাধানৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ বাবে অভিনন্দন জনাইছো।

উল্লেখ্য যে এই চুক্তি স্বাক্ষৰ কৰাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ, দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপৰিও দুই ৰাজ্যৰ প্ৰধান সচিব আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। দুই ৰাজ্য সীমা বিবাদ সমাধানৰ বাবে বিগত ৩১ জানুৱাৰীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত বিবেচনাৰ বাবে বুজাবুজিৰ চুক্তি পত্ৰ দাখিল কৰিছিল। গৃহ মন্ত্ৰালয়ে ২৯ মাৰ্চত অসম আৰু মেঘালয়ৰ মাজত স্বাক্ষৰিত সীমা চুক্তি চূড়ান্ত কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল।