/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/namrup.jpg)
ডিজিটেল সংবাদ নামৰূপঃ নামৰূপৰ শিক্ষা সংস্কৃতিৰ শিক্ষণ প্ৰতিষ্ঠান গুৰুটোলৰ -অষ্টম – সংখ্যাক প্ৰতিষ্ঠা দিৱসটি গুৰুটোলৰ স্থায়ী প্ৰেক্ষাগৃহত বুধবাৰে দিন জোৰা কাৰ্য্যসূচীৰে উদযাপন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে এক আধ্যাত্মিক পৰিবেশত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰাৰ লগতে নতুন কৈ স্থাপন কৰা পুথিভঁৰালটো আনুষ্ঠানিক ভাবে মুকলি কৰে।
বন্তি প্ৰজ্বলনৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈয়ে । বিদ্যালয় সংগীতেৰে মুকলিসভা আৰম্ভ হয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰদ্যুম্ন গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত প্ৰথমেই চক্ৰ বিষয়া শৰৎ গগৈয়ে অনুপ্ৰেৰণামূলক এক বক্তব্য ৰাখে। ইয়াৰ পিছতে শংকৰদেৱৰ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈয়ে আধ্যাত্মিক ভাবাপন্ন ভাষণ প্ৰদান কৰে।
সভাত ক্ৰমে অসম পেট্ৰ কেমিকেলৰ উপাধ্যক্ষ হেমন্ত গগৈ, নামৰূপ প্ৰেছ এণ্ড ছচাঁইটিৰ কাৰ্যকৰী সভাপতি হিৰণ্য হাজৰিকা, ডাঃ বিদ্যাৱতী সোনোৱাল, এ পি এলৰ মানৱ সম্পদ উপ-মহাপ্ৰবন্ধক বিকাশ চৌধুৰীয়ে আমন্ত্ৰিত অতিথিৰ আসনৰ তৰফৰ পৰা ভাষণ প্ৰদান কৰে।
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী ৰূপায়ন কৰে। ২০১৫ চনত স্থাপন হোৱা গুৰুটোলত বিদ্যাতনিক বিষয়সমূহৰ লগতে কণ্ঠ সংগীত, নৃত্য, ছবি অঁকা আদি বিষয়ৰো প্ৰশিক্ষণ দিয়ে।