/asomiyapratidin/media/media_files/2025/10/07/whatsapp-image-2-2025-10-07-12-00-39.jpeg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সোমবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্রীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়।
লক্ষ্যণীয় যে, সেৱা কাল সম্পূর্ণ হোৱা আৰু স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে পেন্সনৰ ধন লাভ কৰিব। আনহাতে মন্ত্রীসভাৰ বৈঠকত ধুবুৰী আৰু দক্ষিণ শালমৰাত কাম কৰি থকা শিক্ষয়িত্ৰীসকলৰ বাবেও এক সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উল্লেখ্য যে, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু চৰাঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক ৫ বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। সমগ্র শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ ৫ বছৰৰ পৰিৱৰ্তে ৩ বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণতো মন্ত্রীসভাই অনুমোদন জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us