পৰ্বতঝোৰাত ভোটাধিকাৰ সাব্যস্ত কৰি দাবী কৰিলে প্ৰসেন কুমাৰ ব্ৰহ্মই

আজি বিটিচি পৰিষদীয় নিৰ্বাচন। ভোটাৰে আজি নিৰ্ণয় কৰিব ৩১৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পৰ্বতঝোৰাত পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোট দান প্ৰক্ৰিয়া।

author-image
সংগীতা দাস
New Update
seo uppl

ডিজিটেল ডেস্ক: আজি বিটিচি পৰিষদীয় নিৰ্বাচন। ভোটাৰে আজি নিৰ্ণয় কৰিব ৩১৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পৰ্বতঝোৰাত পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোট দান প্ৰক্ৰিয়া। পূৱাৰ ভাগৰ পৰাই নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ভোটাৰসকল। ভিৰ হৈছে ভোটকেন্দ্ৰসমূহত।

১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মই ১২১৬ নং নাইগাঁও প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰসেন কুমাৰ ব্ৰক্ষ্মই এইবাৰ ইউপিপিএলৰ নিশ্চিতভাৱে জয়ী হ’ব বুলি দাবী কৰে। তেওঁ লগতে বিটিচিৰ ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈও আহ্বান জনায়।

উল্লেখ্য যে, বিটিআৰত আজি ৩৩৫৯টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ হ’ব। ইয়াৰে বাক্সা জিলাত ৫৭৫টা, চিৰাং জিলাত ৫১০, কোকৰাঝাৰ জিলাত ৯৪২, তামুলপুৰ জিলাত ৩৯৫ আৰু উদালগুৰি জিলাত ৯৩৭ টা ভোটকেন্দ্ৰ আছে। মুঠ ভোটাৰৰ সংখ্যা ২৬,৫৮,৩১৫। ইয়াৰে ১৩,২৩,৫৩৬ জন পুৰুষ, ১৩,৩৪,৬০০ মহিলা আৰু ১৭ জন তৃতীয় লিংগৰ।