/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/border-clash-news.jpg)
ডিজিটেল ডেস্কঃ সংকুচিত হৈছে অসমৰ ভূমি। চুবুৰীয়া প্ৰতিখন ৰাজ্যই দখল কৰিছে অসমৰ ভূমি। অসম বিধানসভাৰ বাজেট অধিবেশনৰ চতুৰ্থটো দিনত অসমৰ ভূমি বেদখলৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অসম চৰকাৰৰ সীমান্ত সুৰক্ষা উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সদনত দাখিল কৰিছে এই ভয়ংকৰ তথ্য।
ক্লিক কৰি পঢ়কঃ অখিল গগৈক সদনৰ পৰা বহিষ্কাৰৰ হুংকাৰ অধ্যক্ষৰ…
বকোৰ বিধায়িকা নন্দিতা দাসে বিধানসভাত অসমৰ কিমান ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰি আছে, বিগত পাঁচ বছৰত চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি দেবখল কৰাৰ কিমান ঘটনা সংঘটিত হৈছে, বেদখলকৃত ভূমি মোকলোৱাৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে প্ৰশ্ন কৰাত মন্ত্ৰী অতুল বৰাই দাখিল কৰিছে ভয়ংকৰ তথ্য।
অতুল বৰাই সদনত দাখিল কৰা তথ্য অনুসৰি চুবুৰীয়া অৰুণাচল প্ৰদেশে শোণিতপুৰ সীমান্তত ১.০৮৪৯ হেক্টৰ, বিশ্বনাথৰ সীমান্তত ৪৭৫১ হেক্টৰ, লখিমপুৰ সীমান্তত ১৯৭৫.৪১ হেক্টৰ, ধেমাজি সীমান্তত ১০৫৫.৭৪৭৯ হেক্টৰ, ডিব্ৰুগড় সীমান্তত ১০ হেক্টৰ, চৰাইদেউ সীমান্তত ৬০২.০১১৭ হেক্টৰ ভূমি দখল কৰি আছে।
নাগালেণ্ডে যোৰহাট সীমান্তত ১৮৮০৭.৭২ হেক্টৰ, শিৱসাগৰ সীমান্তত ২৩.৯০৩৯ হেক্টৰ ভূমি, গোলাঘাট সীমান্তত ৩৬২৯৪.০৭ হেক্টৰ, চৰাইদেউ সীমান্তত ২৭০.৪৩৫৭ হেক্টৰ ভূমি দখল কৰি আছে।
মেঘালয়ে গোৱালপাৰা সীমান্তত ৩৩.৮১৫৬ হেক্টৰ, কাছাৰ সীমান্তত ৬০২.০১১৭ হেক্টৰ, কামৰূপত ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা মানকাছাৰ সীমান্তত ৩.৩৫০৫ হক্টৰ, পশ্চিম কাৰ্বি আংলঙত ২ হাজাৰ স্কোৱেৰ ভূমি দখল কৰি আছে।
উত্তৰপূৰ্বাঞ্চলৰ আন এক ৰাজ্য মিজোৰামে হাইলাকান্দি সীমান্তত ১০০০ হেক্টৰ, কৰিমগঞ্জ সীমান্তত ৩৭৭.৫৮ হেক্টৰ আৰু কাছাৰ সীমান্তত ৪০০ হেক্টৰ ভূমি দখল কৰি আছে।
আনহাতে মন্ত্ৰী অতুল বৰাই নন্দিতা দাসৰ আন এক প্ৰশ্নৰ উত্তৰত সদনৰ মজিয়াত কয় যে বিগত ৫ বছৰত চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখল কৰাৰ ৭১ টা ঘটনা সংঘটিত হৈছে। ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে সদনক জনোৱা অনুসৰি নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশে অসমৰ যি ভূমি বেদখল কৰি আছে সেই ভূমি বেদখলমুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ত O.S NO 2/1988 আৰু O.S NO 1/1989 দুটা গোচৰ নম্বৰত দুটাকৈ গোচৰ ৰুজু হৈছে আৰু দুয়োটা গোচৰ বৰ্তমানেও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে বুলি জনাইছে।