/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/birsa-commondo.jpg)
ডিজিটেল সংবাদ চিৰাংঃ অসম চৰকাৰে আদিবাসী সকলক জনজাতিৰ মৰ্যাদাৰ প্ৰদান নকৰাকৈয়ে যুদ্ধ বিৰত আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি সম্পাদিত কৰাৰ তীব্ৰ বিৰোধিতা কৰি চিৰাঙৰ ভাৰত-ভূটান সীমান্ত দেউশ্ৰীত যুদ্ধ বিৰতিত থকা বীৰছা কমাণ্ডো ফৰ্চে সংবাদ মেল অনুষ্ঠিত কৰে । প্ৰতিশ্ৰুতি অনুযায়ী আদিবাসী সকলক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে পুনৰ অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ বীৰছা কমাণ্ডো ফৰ্চৰ ।
শেহতীয়াকৈ অসম চৰকাৰে আদিবাসীসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতি কৰণ নকৰাকৈয়ে যুদ্ধ বিৰতিত থকা বিদ্ৰোহী সংগঠন বীৰছা কমাণ্ডো ফ'ৰ্চকে আদি কৰি মুঠ ৫ টাকৈ আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি সম্পাদিত কৰিব বুলি বাতৰি লাভ কৰি বীৰছা কমাণ্ডো ফৰ্চৰ কেডাৰ তথা নেতা সকল চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ।
আজি এই বিষয়টো লৈ চিৰাং জিলাৰ ভাৰত-ভুটান সীমান্তৰ দেউশ্ৰীত বীৰছা কমাণ্ডো ফৰ্চৰ চিৰাং জিলা সমিতিয়ে এক সংবাদ মেল আয়োজন কৰি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰে যদি তেওঁলোকৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰি কেৱল নিৰ্বাচনৰ সময়ত কেৱল ইছ্যু হিচাপে লৈ বছৰৰ পিছত বছৰ ধৰি আদিবাসী জনগোষ্ঠীয় লোক সকলক প্ৰতাৰণা কৰিলে আগন্তুক সময়ত শান্তিৰ প্ৰস্তাৱত সঁহাৰি জনাই এৰি দিয়া অস্ত্ৰ পুনৰ হাতত ল'বলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে ।
উল্লেখ যে, অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত ১৯৯৬ চনত হাতত মৰণাস্ত্ৰ তুলি সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিছিল বীৰছা কমাণ্ডো ফৰ্চে । পৰবৰ্তী সময়ত অৰ্থাৎ ২০০৪ চনত অসম আৰু ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি বীৰছা কমাণ্ডো ফৰ্চে যুদ্ধ বিৰতি ঘোষনা কৰিছিল।পৰৱৰ্তী সময়ত অর্থাৎ ২০১২ চনত অসম তথা ভাৰত চৰকাৰে খুব কম সময়ৰ ভিতৰতে অসমত বসবাস কৰা আদিবাসী সকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু সেইমৰ্মে ২০১২ চনৰ ২৪ জানুৱাৰী তাৰিখে বীৰছা কমাণ্ডো ফৰ্চে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু গৄহমন্ত্ৰী পি. চিদাম্বৰমৰ সন্মুখত অস্ত্ৰ সম্বৰণ কৰিছিল ।
কিন্তু ২০১২ চনৰ পৰা আজি দহ বছৰ অতিক্ৰম কৰিলে কিন্তু চৰকাৰে আদিবাসী জনগোষ্ঠীয় লোক সকলৰ ন্যায্য দাবী পূৰণ নকৰি এতিয়ালৈকে প্ৰতাৰণা কৰি আহিছে বুলি সংবাদ মেলত অভিযোগ কৰে ।
ক্লিক কৰি পঢ়কঃ চিৰাঙৰ দাদগিৰিত তীব্ৰ বেগী ভুটানী ডাম্পাৰে মহতিয়ালে পথচাৰীকঃ এজন নিহত…