BIEOয়ে আদায় কৰিলে ১.৫ কোটিৰ বৃহৎ জি এছ টি ফাঁকি…

BIEOয়ে আদায় কৰিলে ১.৫ কোটিৰ বৃহৎ জি এছ টি ফাঁকি…

author-image
asomiyapratidin
New Update
BIEOয়ে আদায় কৰিলে ১.৫ কোটিৰ বৃহৎ জি এছ টি ফাঁকি…

ডিজিটেল ডেস্কঃ ২৭ ফেব্ৰুৱাৰীৰ নিশা অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থা চমুকৈ বি আই ই অ'ৰ তালাচীৰ সময়ত জব্দ কৰা হৈছিল অবৈধ ভাৱে সৰবৰাহ কৰা বৃহৎ সামগ্ৰী। বি আই ই অ'ৰ এটা জ্যেষ্ঠ অভিযানকাৰী দলৰ অভিযানৰ সময়ত ৰাজধানী এক্সপ্ৰেছৰ পাৰ্চেল ভানৰ পৰা জব্দ কৰা হৈছিল গুটখা, পান মচলা, পুতলা, কাপোৰ, মোবাইল চাৰ্জাৰ, লেডিজ হেণ্ডবেক আদি।

জব্দকৃত এই সামগ্ৰীসমূহৰ কোনো বৈধ নথিপত্ৰ তালাচীৰ সময়ত দেখুৱাবলৈ সক্ষম হোৱা নাছিল পৰিবহনকাৰী গৰাকীয়ে। যাৰ পৰিপ্ৰেক্ষিতত ৰে'ল কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট পৰিবহনকাৰীৰ উপস্থিতিত জি এছ টি ফাঁকি দিয়াৰ সন্দৰ্ভত সামগ্ৰীবোৰ ভালদৰে পৰীক্ষা কৰা হৈছিল।

ইয়াৰ পিছতে এই সামগ্ৰী পৰিবহনকাৰী অমৰেন্দ্ৰ সিঙক মেচাৰ্চ টি এন এছ এক্সপ্ৰেছ প্ৰাইভেট লিমিটেড (জি এছ টি নং ১৮ এ ডি চি টি ৭৯১৫১ জে ডব্লিউ)ৰ সামগ্ৰী সম্পৰ্কীয় প্ৰয়োজনীয় নথিপত্ৰ দেখুৱাবলৈ কোৱা হৈছিল। কিন্তু পৰিবহনকাৰী অমৰেন্দ্ৰ সিঙে এই সম্পৰ্কীয় নথিপত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাত বি আই ই অ'য়ে ১ কোটি ৩৮ লাখ ৩১ হাজাৰ ৩৭৫ টকা জৰিমনা বিহিছিল।

এই সন্দৰ্ভত উপযুক্ত প্ৰক্ৰিয়া অনুসৰি অমৰেন্দ্ৰ সিঙে ৬ এপ্ৰিল বুধবাৰে বি অ' পৰ্টেলৰ জৰিয়তে চৰকাৰী কোষাগাৰত সম্পূৰ্ণ জৰিমনা আদায় দিছে। বি আই ই অ'য়ে এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত গোটেই প্ৰকিয়াৰ অধিক তদন্ত অব্য়াহত আছে বুলিও অৱগত কৰিছে।