/asomiyapratidin/media/media_files/2025/09/23/final-zg-2025-09-23-13-52-47.png)
ডিজিটেল ডেস্ক: 'মোৰ যে গানবোৰ মানুহে শুনি থাকে, এনেয়ে শুনি থাকে। একো বুজি নাপায়। মই মৰাৰ পাছতহে গানবোৰৰ এটা এটা শব্দৰ অৰ্থ চবেই বুজি পাব।' যেন সকলো কথাই মৃত্যুৰ পূৰ্বেই জানিছিল জুবিন গাৰ্গে ! তেওঁৰ মৃত্যুৰ পাছত চৌদিশে বাজি থকা গীতবোৰে এটা এটা শব্দই প্ৰতিজন অসমীয়াৰ কানত বিন্ধিছে। কিমান যে অৰ্থপূৰ্ণ প্ৰতিটো গীত। কেনেকৈ পৰিস্থিতিৰ লগত মিলি যাব পাৰে তেওঁৰ গীতবোৰ !
জুবিনে তেওঁৰ সহ কণ্ঠশিল্পীৰ আগত কৈছিল, 'মোৰ লগৰবোৰ ৫০-৬০বছৰৰ ভিতৰতে মৰিছে। কে কেও ৫০ বছৰত মৰিছে। ময়ো মৰিম ছাগৈ। মৰিলেটো মৰিমেই। যদি বাছি যাওঁ ৮০-৯০লৈ থাকিম আৰু।' আজন্ম প্ৰকৃতি প্ৰেমী জুবিনৰ মুখত অনবৰতে শুনা গৈছিল গছ-গছনি, হাবি-জংঘল, পানী, নদী, সাগৰ চৰাই-চিৰিকটিৰ কথা, পৰিৱেশ সংৰক্ষণৰ কথা। সকলোকে তেওঁ গছপুলি ৰুবলৈ আহ্বান কৰি আহিছিল। তেওঁ নিজেও বহু ঠাইত গছপুলি ৰোপন কৰিছিল। এতিয়া জুবিনৰ চিতাত তেওঁ ১৫ বছৰ আগতে ৰোপন কৰা ৰঙা চন্দন গছ এজোপা ব্যৱহাৰ কৰা হৈছে।
তেওঁ প্ৰায়ে কৈছিল, 'মই পানীৰ নিচিনা। য'তেই থাকো তাৰ লগতে মিলি যাব পাৰো। পানী খুব সাংঘাটিক বস্তু। পানী সকলোতকৈ কোমল কিন্তু পানীয়েই আটাইতকৈ টান বস্তুকো ভাঙি পেলাব পাৰে।' এতিয়াও জানো পানীয়েই তেওঁক ভাঙি পেলোৱা নাই ?
জুবিনে কৈছিল, 'অসমত কি নাই ? সব আছে অসমত। তেল আৰু চাহৰ লগতে জুবিনো অসমৰ সম্পদ। হয়তো, মৃত্যৰ পূৰ্বে অসমীয়াই তেওঁক সম্পদ বুলিয়েই মানিছিল। এতিয়া অৱশ্যে সমগ্ৰ বিশ্বয়ে এই কথা মানিবলৈ বাধ্য হ'ল।'
'মই মৰিলে ৭ দিন অসম বন্ধ হ'ব, আই এম দ্য লিজেণ্ড'-এয়াও জুবিনে কৈ যোৱা কথা। ঠিকেইটো ! আনুষ্ঠানিক বন্ধ ঘোষণাৰ পূৰ্বেই গোটেই অসমৰ দোকান-পোহাৰ নিজেই নিজেই বন্ধ হ'ল। পৰিস্থিতি এনে আহিল, দোকান খুলিবলৈহে চৰকাৰে অসমবাসীক আহ্বান জনাবলগীয়া হয়।
আজি চিৰদিনৰ বাবে চন্দন কাঠৰ চিতাত শুলে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ বিহীন অসম কোনেও কল্পনা কৰা নাছিল। কিন্তু আজিৰ পৰা এয়াই সত্য। সোণাপুৰত পঞ্চভূতত বিলীন হ'ল জুবিনৰ পাৰ্থিৱ শৰীৰ। চিতাত উঠোৱাৰ সময়তে জুবিনে কোৱাৰ দৰেই চাৰিওফালে বাজি উঠিল 'মায়াবিনী ৰাতিৰ বুকুত', গুঞ্জৰিত হ'ল 'জয় জুবিন দা', 'জুবিন দা অমৰ হওঁক' ধ্বনি।