পুনেত অনুষ্ঠিত মি: ইউনিভাৰ্চ প্ৰতিযোগিতাত বজালীৰ ৰূপমৰ কৃতিত্ব…

পুনেত অনুষ্ঠিত মি: ইউনিভাৰ্চ প্ৰতিযোগিতাত বজালীৰ ৰূপমৰ কৃতিত্ব…

author-image
asomiyapratidin
New Update
পুনেত অনুষ্ঠিত মি: ইউনিভাৰ্চ প্ৰতিযোগিতাত বজালীৰ ৰূপমৰ কৃতিত্ব…

ডিজিটেল সংবাদ বজালীঃ পুনেত অনুষ্ঠিত হোৱা ইণ্ডিয়ান বডি বিল্ডিং এণ্ড ফিটনেচ ফেডাৰেচন চমুকৈ আই এফ বি বিৰ প্ৰতিযোগিতাত ৫২ কেজি শাখাত ষষ্ঠ স্থান দখল কৰি সমগ্র ৰাজ্য তথা বজালীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰূপম ৰায়ে। যোৱা ১৫, ১৬ আৰু ১৭ এপ্ৰিলত অনুষ্ঠিত হোৱা মি ইউনিভাৰ্চ প্ৰতিযোগিতাত ৫২ কেটেগোৰীত দেশৰ উপৰিও বিদেশৰ মুঠ ১৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছিল।

বজালীৰ পাটাছাৰকুছি দেওজাৰাপাৰ নিবাসী দিনহাজিৰা কৰা প্ৰসন্ন ৰয় আৰু সুমিত্রা ৰয়ৰ পুত্র ৰূপম ৰয়ৰ শৈশৱতে লেমৰ জুইত অগ্নিদগ্ধ হৈ দুয়োখন ভৰি অকামিলা হৈ পৰিছিল। ৰূপমে টিহুৰ নিউ ৰাজধানী জিমত শৰীৰ চৰ্চা কৰিছিল। জিমৰ স্বত্বাধিকাৰী তথা ৰূপমৰ গুৰু হৰিধন বৰ্মনৰ অক্লান্ত শ্ৰম আৰু সহায়ৰ উপৰিও তেওঁৰ শৰীৰচৰ্চাৰ ক্ষেত্ৰত বিশেষ তত্ত্বাবধায়ক হিচাপে আছিল কংকন ডেকা।

নিজৰ স্কুটি বিক্রি কৰি আৰু বহু ব্যক্তিৰ সহায়ৰ ফলত ৰূপমে মি ইউনিভাৰ্চ প্ৰতিযোগিতাত অংশগ্রহণ কৰিবলৈ সক্ষম হৈছিল। ৰূপমে প্ৰতিযোগিতাখনত৬ গৰাকী নিৰ্বাচিত প্ৰতিযোগিৰ ভিতৰত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হয়। ৰাজ্য চৰকাৰৰ লগতে স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে ৰূপমক ভৱিষ্যতে সহায় আগবঢ়াৱ বুলি আশাবাদী ৰূপমৰ লগতে তেওঁৰ শুভাকাংক্ষী সকলয অৱশ্য়ে এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কেনে ভূমিকা ল'ব সেয়াহে লক্ষণীয় হ'ব।