সীমা সমস্যা সমাধানৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সন্মত অসম আৰু মিজোৰাম চৰকাৰ

সীমা সমস্যা সমাধানৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সন্মত অসম আৰু মিজোৰাম চৰকাৰ

author-image
asomiyapratidin
New Update
সীমা সমস্যা সমাধানৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সন্মত অসম আৰু মিজোৰাম চৰকাৰ

ডিজিটেল ডেস্কঃ অসম আৰু মিজোৰাম চৰকাৰে যুটীয়াভাৱে এক বিবৃতি জাৰি কৰিছে। এই বিবৃতিত দুয়োখন ৰাজ্য চৰকাৰে সীমান্ত সম্পৰ্কীয় উত্তেজনা আৰু সমস্যা দূৰ কৰিবলৈ আৰু আলোচনাৰ জৰিয়তে গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰা স্থায়ী সমাধানৰ পদক্ষেপ সমূহ মানি চলিবলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে সন্মাত হৈছে। বিবৃতিত উল্লেখ কৰা হৈছে যে- ২৬ জুলাই, ২০২১ত মিজোৰাম আৰু অসম সীমান্তত সংঘটিত হিংসাত্মক ঘটনাত কেইবাজনো অসম আৰক্ষীৰ লোক নিহত হোৱাত শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশুআৰোগ্য কামনা কৰিছে।

Advertisment

লগতে দুয়োখন ৰাজ্যৰ সীমান্তত শান্তি বৰ্তাই ৰখাৰ বাবে সন্মত হৈ এই ক্ষেত্ৰত দুয়োখন ৰাজ্যই তেওঁলোকৰ বন আৰু আৰক্ষী বাহিনীক একাংশ নিৰ্বাচিত এলেকাত নিয়োজিত নকৰে। সেই জিলা কেইখন ক্ৰমে- অসমৰ কৰিমগঞ্জ, হাইলাকান্দি, কাচাৰ আৰু মিজোৰামৰ মমিত আৰু কোলাছিব জিলা। তদুপৰি অসম আৰু মিজোৰাম চৰকাৰৰ প্ৰতিনিধিসকলে অসম আৰু মিজোৰামত, বিশেষকৈ সীমান্ত অঞ্চলত বাস কৰা লোকসকলৰ মাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মত হৈছে।