হিমন্ত চৰকাৰৰ এবছৰীয়া খতিয়ান এটা বৃহৎ শূন্যঃ অখিল গগৈ

হিমন্ত চৰকাৰৰ এবছৰীয়া খতিয়ান এটা বৃহৎ শূন্যঃ  অখিল গগৈ

ডিজিটেল সংবাদ ঢকুৱাখনা: বিগত এটা বছৰত ৰাজ্যখনৰ উন্নয়নৰ নামত এটা মহা শূণ্য দেখা গ'ল। নিবনুৱাক এক লাখ চাকৰিৰ পৰা সৰ্বাংগীন উন্নয়ন সাধনৰ স্বপ্ন দেখুৱাই ৰাজপাটত বহা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে একোকে বাস্তৱত ৰূপায়িত কৰিব পৰা নাই । গুৰুত্বপূৰ্ণ আঁচনি লোৱা আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰৰ  নিৰ্লজ ভাবে ব্যৰ্থ হৈছে গেৰুৱা চৰকাৰখন । 

হিমন্ত বিশ্ব শৰ্মাই চাটাৰ্ড বিমানত উঠি, হেলিকপ্টাৰত ঘূৰি আৰু সংবাদ মাধ্যমক একাকাৰ কৰি যেনেতেনে  চৰকাৰখনহে জীয়াই ৰাখিছে। চৰকাৰ আজি দেউলিয়া আৰু ৰাইজো আজি অৰ্থনৈতিক ভাৱে অতি দুৰ্বল । সেয়ে সমগ্ৰ অসমবাসী হতাশাত ভুগিছে । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শীঘ্ৰে এই বাস্তৱ পৰিস্থিতিৰ মুকাবিলা নকৰিলে শ্ৰীলংকা সদৃশ জটিল অৰ্থনৈতিক পৰিস্থিতিৰ দিশে অসমে গতি কৰিব। যদি এনে জটিল অৰ্থনৈতিক পৰিস্থিতিৰ জোৰা মাৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পদত্যাগ কৰিব লাগে। যদি তাকেই নকৰে অসমৰ ৰাইজেই ৰাজপথলৈ ওলাই আহি চৰকাৰক উফৰাই পেলাব।

বৃহস্পতিবাৰে ঢকুৱাখনাত এখন দলীয় সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধান সভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । ঢকুৱাখনা নগৰৰ মিচিং জনজাতি কৃষ্টি ভৱন প্ৰাংগণত বৃহস্পতি বাৰে অনুষ্ঠিত দলীয় সভাত ৰাইজৰ দলৰ সভাপতি গগৈয়ে কয়, বিমুদ্ৰা কৰণ, জি এছ টি কৰ জাপি  দিয়াৰ সমান্তৰাল ভাৱে 'লগ ডাউন'ৰ ফলত দেশৰ অৰ্থনীতি সম্পূৰ্ন ৰূপে বিধ্বস্ত হল । মোদী চৰকাৰে আমাক দুখীয়া কৰিলে ।  কৰ্মবিমুখ জাতিলৈ আমাক পৰ্যবসিত কৰিলে।

বিজেপি চৰকাৰৰ দিনত অসমৰ সৰ্বস্তৰৰ মানুহ অর্থনৈতিক অৱস্থা অতিকে বেয়া । মানুহ হতাশ হৈছে ।  জীৱন জীৱিকাৰ সামগ্ৰিক হতাশাত ডুবাই দিলে গেৰুৱা চৰকাৰখনে । এনেকৈ হতাশাত ডুবি থাকিলে জাতি এটাৰ উন্নতি বিকাশ সম্ভৱ নহয়। হতাশা দূৰ কৰি এখন নতুন সমাজ গঢ়িবলৈ ৰাইজৰ দলৰ জন্ম হৈছে আৰু এই দলটোৰ সাংগঠনিক ভেঁটি মজবুত কৰি  এখন নতুন অসম গঢ়াৰ স্বপ্ন ৰচিব লাগিব ।  ইয়াৰ বিকল্প একো নাই ।

ৰাইজৰ দলৰ লখিমপুৰ  জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি আজাদ হাজৰিকাৰ সভাপতিত্বত  অনুষ্ঠিত সভাত  ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰা ,কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী শক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গৰিষ্ঠ সংখ্যক নেতৃবৰ্গ আৰু কৰ্মকৰ্তাৰ উপস্থিতিত অগপৰ ঢকুৱাখনা বিধান পৰিষদৰ প্ৰাক্তন সম্পাদক পদ্ম কান্ত দলেৰ নেতৃত্বত ঢকুৱাখনাৰ বিজু পাতিৰ, সত্যনাথ পেগু, নিৰণ পেগু, চম্পক বৰুৱা, হিৰণ্য কুম্বাঙ, প্ৰদীপ মিলি, ধনেশ দলে, টিলেশ্বৰ দলে, ধণেশ পেগু, ভৱজিত পাতিৰ, নিৰু ভঁৰালী,মৰমী কোচ, দণ্ডী ৰাম দলে ,শৰৎ শইকীয়া, বিদ্যুৎ ভঁৰালী, দ্বীপেছ পেগু, বিমান দাস, সুনীল মিলি, দিম্পল পেগু, তুলন সোণোৱাল, পুলক সোণোৱাল, নব কুমাৰ পেগু, ৰাকেশ দলে, ৰানা দলে, ৰাতুল দলে, পুলিন দলে, দ্বীপেন দলে, অঞ্জনা পাতিৰ, ৰুপা দলে, দীপাংকৰ গগৈ, কাঁচিৰাম দলে, জয়ন্ত দলে, হৰি প্ৰসাদ পেগু, ৰ'জ দলে, আলবাৰীস পেগু, ৰাজেশ দলে, ভৱজিত পাতিৰ, নৱ পেগু, দিলীপ দলে, দুৰ্লভ দলে, দিলীপ দাস, অভিনৱ দলে, ভাস্কৰ পেগু, কমলা কান্তি চুংক্ৰাং আদি অৰ্ধ শতাধিক ব্যক্তিয়ে ৰাইজৰ দলৰ নীতি আদৰ্শৰ  প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে ।

নবাগত ব্যক্তি সকলক ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ফুলাম গামোচা পিন্ধাই দললৈ আদৰণি জনাই। জনাকীৰ্ণ সভাত নতুনকৈ যোগদান কৰা পদ্মকান্ত দলেয়ে বক্তব্য ৰাখি আঞ্চলিক
দল অগপই আঞ্চলিকতাবাদৰ চৰিত্ৰ  হেৰুৱাইছে বুলি মন্তব্য কৰি আঞ্চলিকতাবাদৰ একক ধজ্জা বহন কৰি অহা  ৰাইজৰ দলৰ জৰিয়তে ঢকুৱাখনাত আঞ্চলিকতাবাদৰ ভেঁটি শক্তিশালী ৰূপত গঢ়ি উঠিব বুলি কয়।

লখিমপুৰ জিলা ৰাইজৰ দলৰ সম্পাদক দীপক হাজৰিকা, অজিত পেগুকে ধৰি বহুকেইগৰাকী নেতা উপস্থিত থকা সভাত উদ্যোগক্তা কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ ঢকুৱাখনা সমিতিয়ে দলৰ লগতে ভাতৃ ভগ্নী সংগঠনৰ লগতে অভ্যাগত সকলক গামোচাৰে সম্বৰ্ধনা জনাই ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in