৩ মাৰ্চত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তন…

৩ মাৰ্চত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তন…

author-image
asomiyapratidin
New Update
৩ মাৰ্চত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তন…

ডিজিটেল সংবাদ যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তনখন অহা ৩ মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব । বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই সমাবৰ্তনত অসমৰ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে পৌৰহিত্য কৰিব । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সন্মানীয় অতিথি হিচাপে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰিব । সমাবৰ্তনত বিগত দুটা বছৰৰ স্নাতক , স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীসমূহ প্ৰদান কৰা হ'ব ।এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক সোণৰ পদক তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ নগদ ধনৰ পুৰস্কাৰসমূহো প্ৰদান কৰা হ'ব ।