/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jorhattt22.jpg)
ডিজিটেল সংবাদ, যোৰহাট : ভাৰত চৰকাৰৰ উদ্যান শস্য আয়ুক্ত তথা উত্তৰ পূৱ ভাৰতৰ উদ্যান শস্য সঞ্চালক আৰু পৰিসংখ্যা সঞ্চালক সকল যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত মিলিত হৈ অসম তথা উত্তৰ পূৱ ভাৰতৰ উদ্যান শস্যৰ সম্পদ, সম্ভাৱনা আৰু পৰিসংখ্যাৰ ওপৰত বিশেষভাবে পৰ্যালোচনা কৰে । উদ্যান শস্যৰ দিশত সঠিক তথ্য আহৰণৰ জৰিয়তে সঠিক নীতি নিৰ্ধাৰণৰ দিশত কেনেদৰে আগবাঢ়িব সেই আলোচনাৰ বাবে উত্তৰ পূৱ ভাৰতৰ উদ্যান শস্য পৰিসংখ্যাৰ ওপৰত বিশেষ কৰ্মশালাৰ জৰিয়তে মিলিত হয় সঞ্চালকসকল ।
উত্তৰ পূবৰ ৰাজ্যকেইখনৰ লগতে ছিকিমৰ কৃষি উদ্যান শস্য বিভাগৰ সঞ্চালকসকলৰ উপস্থিতিত অনুষ্ঠিত উচ্চস্তৰীয় কৰ্মশালাখনত ভাৰত চৰকাৰৰ উদ্যান শস্য আয়ুক্ত ড° প্ৰভাত কুমাৰো উপস্থিত থাকে । ভাষণ প্ৰসংগত কুমাৰে কয় যে যথোপযুক্ত তথ্য সংগ্ৰহৰ জৰিয়তে এক প্ৰাথমিক আধাৰ তৈয়াৰ কৰিব পাৰিলে সৰ্বসাধাৰণ উপকৃত হ'ব পৰাকৈ সঠিক আঁচনি আৰু পুঁজি আৱন্টনৰ দিশত প্ৰণালীবদ্ধভাবে আগবাঢ়িব পৰা যায় ।
সংখ্যাগত সংযোজক হিচাপে তথ্য সংগ্ৰহৰ দিশত উপযোগীতাৰ সীমাৰেখা নিৰ্ণয় কৰি সঠিক চিন্তাৰে তথ্য পৰিশোধনৰ ওপৰত গুৰুত্ব দিব লাগিব । এই দিশত প্ৰচেচিঙৰ তথা তথ্যৰ শ্ৰেণীবদ্ধকৰণৰ ওপৰত আমি কিমান সচেতন তাৰ ওপৰতেই প্ৰকৃত লাভালাভ নিৰ্ভৰ কৰে বুলি কুমাৰে মন্তব্য আগবঢ়ায় ।
বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত আদৰণি ভাষণত ভাৰত চৰকাৰৰ উদ্যান শস্য পৰিসংখ্যা বিভাগৰ উপদেষ্টা চি এফ জোচেফে কয় যে তথ্য সংগ্ৰহত স্পৰ্শকাতৰভাবে সমন্বিত প্ৰয়াসেৰে আগবাঢ়িব পাৰিলেহে তথ্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি আগুৱাই যাব পৰা হ'ব আৰু সিদ্ধান্ত গ্ৰহণ কৰাত সহায়ক হ'ব । বিশ্বাসযোগ্য তথ্য আহৰণৰ বিপৰীতে অশুদ্ধ তথ্যই দেশৰ উৎপাদিকা শক্তিৰ দিশটো বেয়াকৈ প্ৰভাৱ বিস্তাৰ কৰে।
ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগ নতুন দিল্লীৰ উদ্যান শস্য পৰিসংখ্যা শাখা তথা কৃষি আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তামোল আৰু মছলা উন্নয়ন সঞ্চালকালয় কলিকতা, কেৰেলাৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগৰ সামগ্ৰিক ব্যৱস্থাপনাত অনুষ্ঠিত অনুষ্ঠানটোত ভাষণ প্ৰসংগত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই তথ্য সংগ্ৰহত শেহতীয়া তথ্যপ্ৰযুক্তিৰ উপলব্ধতাৰ বিষয়ে তথ্যসমৃদ্ধ বক্তব্য আগবঢ়ায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jorhat-3-1024x396.jpg)
তথ্য সংগ্ৰহত উপগ্ৰহৰ ব্যৱহাৰ, ড্ৰোণ প্ৰযুক্তি, জি আই এছ আৰু জি পি এছৰ সমন্বয় তথা মবাইলৰ সংযুক্তকৰণলৈকে সমগ্ৰ প্ৰক্ৰিয়াত পূৰ্বতকৈ সঠিক আৰু শুদ্ধ তথ্য লাভ কৰাটো কেনেকৈ উপযোগী বিবেচিত হৈছে তাৰ বাখ্যা আগবঢ়াই উপদেষ্টা চি এফ জোচেফে। উদ্যান বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° সৌমিত্ৰ গোস্বামীয়ে আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক অশোক ভট্টাচায্যয়ো আগবঢ়ায় ।
এই অনুষ্ঠানতে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকালয়ে প্ৰকাশ কৰা উদ্যান শস্যৰ কৃষি প্ৰণালীৰ পাঁচখন পুস্তিকাও উন্মোচন কৰা হয় । এই উচ্চস্তৰীয় পৰ্যালোচনাত ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ উপ সঞ্চালক পংকজ কুমাৰ, কণিষ্ঠ পৰিসংখ্যা বিষয়া সৌম্য শ্ৰীবাস্তৱ, তামোল আৰু মছলা উন্নয়ন সঞ্চালকালয়ৰ উপ সঞ্চালক বাবুলাল মীনা, সহকাৰী সঞ্চালক ডিব্যা চি ভি ,তামোল আৰু মছলা উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালক ড° হমি চেৰিয়ান, পৰিসংখ্যা অনুসন্ধানকাৰী কে মনোজ কুমাৰ উপস্থিত থাকে।
ইয়াৰ উপৰিও কৰ্মশালাখনত অংশ লয় অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ, উদ্যান বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° উৎপল কটকীৰ লগতে অৰুণাচল প্ৰদেশৰ উদ্যান শস্য সঞ্চালক টাগে টাটুঙ, উপ সঞ্চালক বকাৰ ৰিবা আৰু মাৰড্ নিনু, উদ্যান শস্য উন্নয়ন বিষয়া অবুৰ মেচাৰ, মণিপুৰৰ উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ কৃষি বিষয়া ছুনগঙ পামেই, সহযোগী বিষয়া জাঙমিনলাল খঙছেই, সহযোগী সঞ্চালক ৰাজকুমাৰ ধীৰেনসেনা সিঙ মেঘালয়ৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালক এ এম লালু, গৱেষণা বিষয়া বি জি মমিন, উদ্যান শস্য গৱেষণা বিষয়া খাৰমাউলঙ, মিজোৰামৰ উদ্যান শস্যৰ সহযোগী সঞ্চালক লালৰিমৰাউতা আৰু লালডিন্টলুনাগী ৰাল্টে।
নাগালেণ্ডৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালক নেইডিলহৌ অংগামী আৰু উদ্যান শস্যৰ যুটীয়া সঞ্চালক মায়াছছী, ছিকিমৰ উদ্যান শস্যৰ সঞ্চালক মনোজ কুমাৰ চুব্বা আৰু উদ্যান শস্যৰ অতিৰিক্ত সঞ্চালক ভিমলাল ডাহাল, ত্ৰিপুৰাৰ উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ উপ সঞ্চালক জীৱন ডাবাৰমাৰ লগতে অসমৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালক নিৰুপমা তালুকদাৰ, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ যুটীয়া সঞ্চালক পোনাৰাম দাস আৰু উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান বিজ্ঞান বিভাগৰ অধ্যাপক বিজ্ঞানীসকলেও অংশ গ্ৰহণ কৰে ।