মূল্যবৃদ্ধি ৰোধৰ দাবীৰে আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট…

মূল্যবৃদ্ধি ৰোধৰ দাবীৰে আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট…

author-image
asomiyapratidin
New Update
মূল্যবৃদ্ধি ৰোধৰ দাবীৰে আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট…

ডিজিটেল ডেস্কঃ আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত জিলা আমছুৱে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

উল্লেখযোগ্য যে প্ৰেট্ৰল, ডিজেল, মিঠাতেল, ৰন্ধন গেছকে ধৰি নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত দক্ষিণ শালমাৰা মানকাচৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে আজি দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত অনুষ্ঠিত হোৱা এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

আনহাতে জিলা উপায়ুক্তৰ জৰিয়তে আমছুৱে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।