ডিজিটেল সংবাদ দুমুনিচকী: দিশহাৰা হৈ পৰা এটা প্ৰায় পাঁচ বছৰীয়া কনমানি ল'ৰা। এগৰাকী অচিনাকী লোকে বুধবাৰে কণমানি ল'ৰটোক লৈ আহি পকেটত অলপ টকা দি লোকজন হঠাতে নোহোৱা হৈ পৰে। ফলত দিশহাৰা হৈ ঘূৰি ফুৰা কণমানি ল'ৰাটো বুধবাৰে বিয়লি দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত তিতকুছিত স্থানীয় লোকে প্ৰত্যক্ষ কৰে।
অচিনাকী কণমানি ল'ৰা জনক দেখি ঠিকনাৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰা লোকসকলে কণমানি ল'ৰাজনৰ পৰা নাম আৰু পৰিচয় জানিব বিচাৰে। কণমানি জনে দেউতাকৰ নাম নজমুল আৰু মাকৰ নাম চাজিদা বুলি জানিবলৈ দিয়াৰ লগতে নিজৰ নাম চাক্লিন মোস্তাক বুলি প্ৰকাশ কৰি থকা ঠাই খনৰ নাম শিয়ালমাৰী বুলি জানিবলৈ দিয়ে।
কিন্তু শিয়ালমাৰী কোন জিলাৰ কোন থানাৰ অন্তৰ্গত এই বিষয়ে কণমানি জনৰ কোনো জ্ঞান নাই। আনকি নাজিৰা নামৰ এগৰাকী ভগ্নী থকা বুলিও কণমানি ল'ৰা জনে জানিবলৈ দিয়ে। ফলত তিতকুছিৰ এজন লোকে জয়ন্তীপুৰস্থিত ইটা ভাটালৈ অহা শ্ৰমিকৰ সন্তান বুলি সন্দেহ কৰি দৰং জিলাৰ বুঢ়াদৈ চপৰা গাঁৱৰ নিবাসী মজনুৰ আলী নামৰ এজন লোকক শিশুটো গতাই দিয়ে।
কিন্তু মজনুৰে ইটা ভাটাত কৰ্মৰত শ্ৰমিকৰ সন্তান নহয় বুলি স্পষ্ট হোৱাত বুধবাৰে বিয়লিৰ পৰা তেওঁৰ নিজৰ সন্তানৰ লগতে কণমানি ল'ৰাজনক তেওঁৰ তত্বাৱধানত ৰাখে। ইফালে নলবাৰী জিলাৰ শিয়ালমাৰী আৰক্ষী থানাৰ জৰিয়তে কণমানি জনৰ ঠিকনা সম্পৰ্কে অৱগত কৰি পিতৃগৃহৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰখা হোৱা বুলি জানিব পৰা গৈছে।