/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/14-may-12-1.jpg)
ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ ৬৬৬২ টা কনিষ্টবল (এবি/ইউবি), ৮১৩ টা এ পি আৰ অ' কনিষ্টবল, ৭৮৮ টা এফ, ইএছৰ ৭৮৮ টা, ডি জি চি ডি, , চি জি এইছ জিৰ ৭৫৪ টা, এ আই এছ এফ বেটেলিয়নৰ ১৫৪ টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। একেদৰে টেট উত্তীৰ্ণৰো চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে।
এই সকলো বাছনিভুক্তকে ৰাজ্য চৰকাৰে ১৪ মে'ত নিযুক্তি পত্ৰ বিতৰণ কৰিব। উল্লেখ্যে যে কেইদিন মানৰ পূৰ্বে এদিনতে ২৩ হাজাৰক নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গৃহবিভাগৰ বিভিন্ন পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰি পূৰ্বে ঘোষণা কৰাৰ দৰেই ১৪ মে'ত সকলোকে নিযুক্তি পত্ৰ বিতৰণ কৰিব।
ইয়াৰ বাবে বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰিছে। ১৪ মে'ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত বুধবাৰে অনুষ্ঠিত হয় এই পৰ্যালোচনা সভা।
সভাতে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক বৃহৎ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশনা প্ৰদান কৰিছে৷ বৈঠকখনত অসামৰিক তথা আৰক্ষী প্ৰশাসনৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷
ক্লিক কৰি পঢ়কঃ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ উঠা জোনমণি ৰাভাক তাৎক্ষণিক ভাৱে বদলি…